চাৰ্ভাইকেল কৰ্কট ৰোগৰ বিষ  ক'ত হয় জানেনে?

17 April, 2025 

TV9 ASSAM

চাৰ্ভাইকেল কৰ্কট ৰোগ মহিলাৰ ৰিপ্ৰডাক্টিভ চিষ্টেমৰ সৈতে জড়িক এক ঘাতক ৰোগ।  ই জৰায়ুৰ গৰ্ভাংশত হোৱা এক প্ৰকাৰৰ কৰ্কট ৰোগ। এই অংশটোৱে জৰায়ুক যোনিৰ সৈতে সংযোগ কৰে।

চাৰ্ভাইকেল কৰ্কট ৰোগ

যেতিয়া জৰায়ুৰ মুখৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে আৰু শৰীৰৰ আন অংশলৈ বিয়পি পৰে, তেতিয়া এই কৰ্কট ৰোগ হয়।  এই ৰোগে বিশেষকৈ মহিলাক প্ৰভাৱিত কৰে।সময়মতে চিকিৎসা নকৰিলে মৃত্যুও হ'ব পাৰে।

কিমান বিপদজনক

চাৰ্ভাইকেল কৰ্কট ৰোগৰ বিষ শৰীৰৰ যিকোনো অংশতে হ'ব পাৰে। বিশেষকৈ মহিলাসকলে ইয়াৰ বিষয়ে জনা দৰকাৰ।

 বিষ ক'ত হয়

সবাতোকৈ সাধাৰণ বিষ পেলভিক অংশত হয়।  পেটৰ তলৰ অংশত অৰ্থাৎ জৰায়ুৰ ওচৰত এই বিষ হয়। এই বিষ কম বা বেছি হ'ব পাৰে। এই বিষ বেছিভাগ সময়তে হৈ থাকে।

পেলভিক

এই কৰ্কট ৰোগে স্নায়ুত প্ৰভাৱ কৰিবলৈ আৰম্ভ কৰে। তেতিয়া পিঠিৰ তলৰ অংশত এই বিষ হয়।  এই বিষয়ো টানি ধৰা যেন লাগিব পাৰে। যেনে আপোনাৰ স্নায়ুবোৰ কোনোৱে টানি ধৰিছে।

পিঠি

এই কৰ্কট ৰোগে লিমফ ন'ড বা স্নায়ুত হ'ব পাৰে।  যাৰ বাবে কঁকাল আৰু ভৰি পৰ্যন্ত বিষ হ'ব পাৰে। ইয়াৰোপৰি ভৰি, কঁকাল আদি ওজন ওজন লাগিব পাৰে। কেতিয়াবা ভৰি ফুলি যায়।

কঁকাল আৰু ভৰি

চাৰ্ভাইকেল কৰ্কট ৰোগে প্ৰস্ৰাৱ প্ৰক্ৰিয়াটো প্ৰভাৱিত কৰে ।গতিকে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হোৱাৰ সম্ভাৱনা থাকে।

প্ৰস্ৰাৱ

পঢ়িবলৈ ক্লিক কৰক 

এই দেশত নিষিদ্ধ কণ্ডম