অলিম্পিক ব্ৰঞ্জ জয়ী মনুৰ সৈতে বিখ্যাত কোম্পানীৰ চুক্তি

১৭ আগষ্ট, ২০২৪

TV9 ASSAM

সদ্যসমাপ্ত পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতৰ যুৱ শ্বুটাৰ মনু ভাকৰে ন-ইতিহাস ৰচনা কৰি দেশবাসীৰ নয়ণৰ মণি হৈ পৰিছে।

পেৰিছত ইতিহাস মনুৰ

এই সফলতাই সমগ্ৰ দেশতে মনুৰ অনুৰাগী বৃদ্ধি কৰি তুলিছে। সমান্তৰালকৈ মনুৰ প্ৰতি আকৰ্ষণ বাঢ়িছে বৃ্হৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো।

অনুৰাগীৰ সংখ্যা বৃদ্ধি

তথ্য অনুসৰি পেৰিছত পদক জয় কৰা খেলুৱৈসকলৰ সৈতে বহু কোম্পানীয়ে চুক্তি কৰিছে আৰু কোম্পানীসমূহৰ মাজত মনুৰ চাহিদা যথেষ্ট বেছি।

ব্যৱসায়িক চুক্তি

জানিব পৰা মতে প্ৰায় ২৫ লাখ কোটি টকাৰ বিশ্বৰ এক বিখ্যাত কোম্পানীয়ে মনু ভকৰৰ সৈতে বাণিজ্যিক চুক্তি কৰিছে।

বৃ্হৎ কোম্পানীৰে চুক্তি

আমেৰিকাৰ বিখ্যাত শীতল পানীয় নিৰ্মাণ কোম্পানী কোকা-কোলাই মনুৰ সৈতে কোম্পানীটোৰ ব্ৰেণ্ড থামছ-আপৰ বাবে চুক্তি কৰিছে।

থামছ-আপৰ প্ৰচাৰ

মনু আৰু কোকৰ মাজত এই চুক্তি ১ বছৰৰ বাবে হ’ব আৰু ইয়াৰ বাবে তাৰকা শ্বুটাৰগৰাকীয়ে ১.৫ কোটি টকাৰ মাচুল লাভ কৰিব।

কিমান হ’ব মাচুল?

অলিম্পিক পদক লাভ কৰাৰ পিছতে মনুৰ মাচুল যথেষ্ট বৃদ্ধি পাইছে। পূৰ্বে প্ৰমোচনৰ বাবে ২০-২৫ লাখ টকা মাচুল লোৱা মনুৰ মাচুল এতিয়া ৪-৫ গুণ বৃদ্ধি পাইছে।

বাণিজ্যিক মাচুল বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক

ম’ম’-পাস্তাই ক্ষতি নকৰে স্বাস্থ্যৰ!