TV9 ASSAM
কেইমাহমান পূৰ্বে এক প্ৰতিবেদনযোগে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে ভাৰতত কণ্ডম অবিহনে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি, শাৰীৰিক সম্পৰ্কৰ সময়ত কণ্ডমৰ ব্যৱহাৰ আগৰ তুলনাত ক্ৰমান্বয়ে হ্ৰাস পাইছে।
এনে পৰিস্থিতিত, আপুনি জানেনে দেশৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰা হয়? ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য বিভাগৰ (২০২১-২২) জৰীপত প্ৰকাশ পাইছে এই তথ্য।
জৰীপ অনুসৰি, দাদৰা নগৰ হাভেলীত সৰ্বাধিক কণ্ডমৰ ব্যৱহাৰ হয়। সহবাসৰ সময়ত ১০,০০০ দম্পতিৰ ভিতৰত ৯৯৩ জনে কণ্ডম ব্যৱহাৰ কৰে।
কৰ্ণাটক এই তালিকাৰ আটাইতকৈ শেষত আছে। ৰাজ্যখনৰ ১০,০০০ দম্পতীৰ ভিতৰত ৩০৭ জনে কণ্ডম ব্যৱহাৰ কৰে।
প্ৰতিবেদনত জনোৱা হৈছে যে দেশত প্ৰতি বছৰে গড়ে ৩৩.০৭ কোটি কণ্ডম ক্ৰয় কৰা হয়। একে সময়তে, ভাৰতত এতিয়াও ৬ শতাংশ লোক আছে যিয়ে কণ্ডমৰ বিষয়ে নাজানে।
পঢ়িবলৈ ক্লিক কৰক