TV9 ASSAM
সম্প্ৰতি শিৰোনামত আছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে এগৰাকী কংগ্ৰেছ সাংসদৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে যে এগৰাকী কংগ্ৰেছ সাংসদৰ পত্নীৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক আছে।
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ন গগৈ ২০১০ চনত লগ হৈছিল। এলিজাবেথ এগৰাকী ব্ৰিটিছ নাগৰিক।
লগ পোৱাৰ তিনি বছৰৰ পাছত ২০১৩ চনত দুয়োৰে বিবাহ সম্পন্ন হয়। দুয়োৰে দুটা সন্তানো আছে।
লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে এলিজাবেথ ক'লবাৰ্ন গগৈয়ে। এতিয়া তেওঁ অক্সফৰ্ড পলিচি মেনেজমেণ্টৰ বাবে জলবায়ুৰ সৈতে জড়িত বিষয়ত কাম কৰে।
২০১১ চনৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জানুৱাৰীলৈকে এলিজাবেথে Climate Development and Knowledge Network(CDKN)ৰ সৈতে কাম কৰিছিল আৰু বেছিভাগ সময় পাকিস্তানত নিয়োজিত আছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত ১২ বছৰে তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই।
এই অভিযোগ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়, "যদি মোৰ পত্নী ISIৰ সৈতে জড়িত, তেন্তে মই RAWৰ সৈতে জড়িত।"
চাবলৈ ক্লিক কৰক