আজি জন্মদিন উদযাপন কৰিছে এইসকল ক্ৰিকেটাৰে

২৮ জুলাই, ২০২৪

TV9 ASSAM

ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ উইকেটকীপাৰ বেটাৰ তথা শ্ৰীলংকান কিংবদন্তি কুমাৰ ছাংগাকাৰাৰ ১৯৭৭ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল।

কুমাৰ ছাংগাকাৰা

অষ্ট্ৰেলিয়াৰ আক্ৰমণাত্মক অপেনিং বেটাৰ ৱাৰ্ণাৰে আজি উদযাপন কৰিছে ৩৮তম জন্মদিন। ১৯৮৬ চনৰ ২৭ অক্টোবৰত জন্ম হৈছিল ৱাৰ্ণাৰৰ।

ডেভিদ ৱাৰ্ণাৰ

২০২০ চনত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা অষ্ট্ৰেলিয়াৰ বলিং অলৰাউণ্ডাৰ ডেনিয়েল চেমছৰ ১৯৯২ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল।

ডেনিয়েল চেমছ

প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠানেও আজি ৪০তম জন্মদিন পালন কৰিছে। ১৯৮৪ চনত বদোদৰাত জন্ম হৈছিল পাঠানৰ।

ইৰফান পাঠান

এসময়ত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য সদস্য পাঠানৰ আঘাত আৰু ফৰ্মহীনতাৰ বাবে মাত্ৰ ২৮ বছৰ বয়সতে কেৰিয়াৰ সামৰণি পৰিছিল।

পাঠানৰ কেৰিয়াৰ

২০০৬ চনত পাকিস্তানৰ বিপক্ষে প্ৰথম অভাৰতে হেট্ৰিক দখল কৰি পাঠান টেষ্টত এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথম তথা একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

অভিলেখ

২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ দখলত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ইৰফানে পাকিস্তানৰ বিপক্ষে ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈথিচাপে বিবেচিত হৈছিল।

টি-২০ বিশ্বকাপ

পঢ়িবলৈ ক্লিক কৰক

বিশ্বৰ আটাইতকৈ বৃ্হৎ অট্টালিকা