৯ অক্টোবৰ, ২০২৪
পৌৰাণিক কথা অনুসৰি, ভগৱান ৰাম বনবাসলৈ যোৱাৰ পাছত দশৰথৰ মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ বাতৰি পাই ভগৱান ৰামে পিতৃৰ আত্মাৰ শান্তিৰ বাবে পিণ্ড দানৰ প্ৰস্তুতি কৰে।
পিণ্ডদান কৰিবলৈ কিছুমান বিশেষ সামগ্ৰীৰ প্ৰয়োজন আছিল। এই সামগ্ৰী আনিবলৈ ৰাম ভাতৃ লক্ষ্মণৰ লগত জংঘললৈ যায়।
ভগৱান ৰাম যোৱাৰ কিছু সময় পাছত ৰজা দশৰথৰ আত্মা সীতাৰ আগত প্ৰকট হয় আৰু কয় যে পিণ্ডদানৰ সময় শেষ হ'বলৈ গৈ আছে। ৰাম আহি পোৱালৈ বহু পলম হৈ যাব।
দশৰথৰ কথা শুনি সীতাই যি যি সামগ্ৰী আছিল সেই সামগ্ৰীৰে নিজেই দশৰথক পিণ্ডদান দিয়ে। যেতিয়া জংঘলৰ পৰা ৰাম উভতে তেতিয়া সীতাই সকলো বিৱৰি কয় কিন্তু ৰামে বিশ্বাস নকৰে।
তেতিয়া সীতা মাই সেই সময়ত সাক্ষ্য থকা গৰু,কাউৰী, ব্ৰাহ্মণ আৰু ফলগু নদীৰ ভগৱান ৰামত সঁচা কথা ক'বলৈ কয়। কিন্তু বটবৃক্ষক বাদ দি সকলোৱে মিছা কয়।
তেতিয়া সীতাই এই চাৰিওকে অভিশাপ দিয়ে। গাই গৰুক অভিশাপ দিয়ে যে তুমি পূজনীয় হোৱাৰ পাছতো আজীৱন আনৰ ৰোৱা থোৱা খিনিহে খাবা। কাউৰীক কয়, অকলে খাদ্য খালে কেতিয়াও পেট নভৰে।
ব্ৰাহ্মণক অভিশাপ দিয়ে যে বহু ধন অৰ্জন কৰাৰ পাছতো সদায় তোমাক আৰ্থিক সংকতে দেখা দিব। আৰু ফলগু নদীক অভিশাপ দিয়ে যে নদী হোৱাৰ পাছতো তুমি সদায় শুকাই থাকিবা।
পঢ়িবলৈ ক্লিক কৰক