ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ...

09 March 2025

TV9 ASSAM

আজি ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেল খেল। এই মেচখন ডুবাইৰ ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।

ফাইনেল

চেম্পিয়নছ ট্ৰফী দুয়োটা দলৰে লক্ষ্য। ইয়াৰ বাবে দুয়োটা দলে সকলো প্ৰয়াস কৰি ফাইনেলত জয়ী হোৱাৰ চেষ্টা কৰি আহিছে। এই খেলত জয়ী হোৱাৰ পাছত দলে ট্ৰফীৰ লগতে প্ৰাইজমানিও লাভ কৰিব।

চেম্পিয়নছ ট্ৰফী

কিন্তু চেম্পিয়নছ ট্ৰফীত জয়লাভ কৰাৰ পাছতো কোনো দলে প্ৰকৃত ট্ৰফীটো নিজৰ দেশলৈ আনিব নোৱাৰে। ইয়াৰ আঁৰত আছে কাৰণ।

প্ৰকৃত ট্ৰফী

উল্লেখ্য যে, আইচিচিয়ে কেতিয়াও কোনো ইভেন্টত প্ৰকৃত ট্ৰফী জয়ী দলক নিদিয়ে। ইয়াৰ পৰিবৰ্তে ৰেপ্লিকা অৰ্থাৎ প্ৰতিৰূপ ট্ৰফী প্ৰদান কৰে।  যি প্ৰকৃত ট্ৰফীৰ দৰে দেখাত।

ৰেপ্লিকা ট্ৰফী

প্ৰতিৰূপ ট্ৰফীটোত টুৰ্ণামেন্ট হোৱা বছৰ আৰু ল'গ' থাকে। এই ট্ৰফী মাত্ৰ সেই মেচখনৰ বাবে প্ৰস্তুত কৰা হয়। ইয়াৰ বিপৰীতে প্ৰকৃত ট্ৰফীটোত মাত্ৰ টুৰ্ণামেন্টৰ ল'গ' থাকে।

পাৰ্থক্য কি

কেৱল মাত্ৰ ফটোশ্বুটৰ সময়ত অৰিজিনেল অৰ্থাৎ প্ৰকৃত ট্ৰফীটো দলটোত দিয়া হয়। পাছত ইয়াক ডুবাইৰ আইচিচিৰ মুখ্য কাৰ্যালয়ত ৰখা হয়।

কেতিয়া দিয়া হয় প্ৰকৃত ট্ৰফী

উল্লেখ্য যে, টি২০ বিশ্বকাপ ২০২৪ ৰ খিতাপ ভাৰতে লাভ কৰিছিল। তেতিয়াও ভাৰতে ৰেপ্লিকা ট্ৰফী দেশলৈ লৈ আনিছিল।  এই ট্ৰফীটো বৰ্তমান বিচিচিআইৰ কাৰ্যালয়ত আছে।

ভাৰত

পঢ়িবলৈ ক্লিক কৰক 

সপোনত শ্মশান দেখিছে নেকি?