দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?

30 October 2024

 TV9 Assam

দীপাৱলী ভাৰতৰ অন্যতম প্ৰধান উৎসৱ। কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তাৰিখত দীপাৱলী উৎসৱ পালন কৰা হয়। 

দীপাৱলী

জ্যোতিষশাস্ত্ৰ অনুসৰি, ৩১ অক্টোবৰত আৰম্ভ হ'ব অমাৱস্যা তিথি । সেয়েহে এই বছৰ  ৩১ অক্টোবৰ দীপাৱলী উদযাপনৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন।

দীপাৱলী কেতিয়া?

 অমাৱস্যা তিথি ৩১ অক্টোবৰৰ আবেলি ৩.৫২ বজাত আৰম্ভ হ'ব, যি পিছদিনা হ'ব অৰ্থাৎ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৬ বজালৈকে চলিব।

অমাৱস্যা তিথি

বিশ্বাস অনুসৰি,  দেৱালীৰ সন্ধিয়া ধন, সুখ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীক পূজা কৰাৰ বিশেষ মহত্ব আছে। দেৱালীত লক্ষ্মী পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

মা লক্ষ্মী পূজা

বিশ্বাস অনুসৰি, দেৱালীত প্ৰদোষ কালত দেৱী লক্ষ্মী, ভগৱান গণেশ আৰু কুবেৰ দেৱতাক পূজা কৰা হয়।

দেৱালী পূজা

পঞ্চাংগৰ মতে, প্ৰদোষ কাল ৩১ অক্টোবৰত সন্ধিয়া ০৫.৩৬ বজাৰ পৰা আৰম্ভ হ'ব আৰু  নিশা ০৮.১১ বজাত সমাপ্ত হ'ব। এইসময় লক্ষ্মী পূজাৰ বাবে শুভ বুলি গণ্য কৰা হয়।

প্ৰদোষ কালৰ আৰম্ভণি

পাঞ্চাংগৰ মতে, ৩১ অক্টোবৰত বৃষ লগ্ন সন্ধিয়া ৬.২৫ বজাৰ পৰা সন্ধিয়া ০৮.২০ বজালৈ থাকিব। এই সময়ত পূজা কৰাটো শুভ।

বৃষ লগ্নত পূজা

দীপাৱলীৰ পূজাৰ পিছত গণেশ আৰু মা লক্ষ্মীৰ মূৰ্তি কি কৰিব?

চাবলৈ ক্লিক কৰক