ঘৰত কোন দেৱ-দেৱীৰ ফটো ৰাখিব নালাগে

19 Nov 2024

TV9 ASSAM

হিন্দু ধৰ্মত পূজাৰ বিশেষ মহত্ব আছে। প্ৰায় সকলো মানুহেই ঘৰত দেৱ- দেৱীৰ প্ৰতিমা  বা ফটো আদি ৰাখে। এনেকৈ ৰখা শুভ বুলি কোৱা হয়।

দেৱ-দেৱীৰ প্ৰতিমা

শাস্ত্ৰ অনুসৰি কিছুমান দেৱ-দেৱীৰ ফটো ঘৰত ৰাখিব নালাগে। এই বিশেষ মূৰ্তি বা প্ৰতিমা আদি ৰাখিলে ঘৰত সংকটে দেখা দিয়ে।

কি ৰাখিব নালাগে

কোনো দেৱ- দেৱীৰ ৰুদ্ৰ ৰূপৰ ফটো ঘৰত ৰাখিব নালাগে। মা কালীৰ ফটো বা প্ৰতিমা ঘৰৰ ভিতৰত ৰাখিব নালাগে।

মহাকালী

জ্যোতিষ শাস্ত্ৰ অনুসৰি ঘৰত শনিদেৱৰ মূৰ্তি বা ফটো আদি ৰাখিব নালাগে। এনে কৰাতো অশুভ বুলি কোৱা হয়। একাংশই শনিদেৱৰ প্ৰসাদো ঘৰৰ ভিতৰত নিব নালাগে বুলি কয়।

শনিদেৱ

জ্যোতিষ শাস্ত্ৰ অনুসৰি ঘৰত শনিদেৱ, মা কালীপ লগতে কালভৈৰৱৰ ফটো বা প্ৰতিমাও ৰাখিব নালাগে। এনে মূৰ্তি বা প্ৰতিমা ৰখা অশুভ বুলি গন্য কৰা হয়।

কালভৈৰৱ

ঘৰত ব্ৰহ্মাৰ ফটো ৰাখিব নালাগে। ৰাহু- কেতু আদি যি গ্ৰহৰ দেৱতা আছে সেইসকল দেৱৰ ফটো ঘৰত ৰাখিব নালাগে বুলি জ্যোতিষ শাস্ত্ৰই কয়।

ব্ৰহ্মা

ইয়াৰোপৰি তাণ্ডৱ কৰি থকা শিৱৰ ফটো ঘৰৰ ভিতৰত ৰাখিব নালাগে। লগতে গনেশৰ থিয় হৈ থকা মূৰ্তি বা নৃত্য কৰা দেৱৰ ফটো ঘৰত ৰাখিব নালাগে।

তাণ্ডৱ কৰা শিৱ

জ্যোতিষ শাস্ত্ৰ অনুসৰি ঘৰত কেতিয়াও পঞ্চমুখী হনুমাৰ মূৰ্তি বা ফটো ৰাখিব নালাগে। এনে ফটো বা প্ৰতিমা ঘৰত ৰখা অশুভ বুলি কোৱা হয়।

পঞ্চমুখী হনুমান

পঢ়িবলৈ ক্লিক কৰক 

আমলখিৰ উপকাৰিতা