TV9 ASSAM
বৃহস্পতিবাৰক সমৃদ্ধি আৰু মংগলৰ দিন বোলা হয়। এই দিনটোত ভগৱান বিষ্ণু আৰু বৃহস্পতি গ্ৰহক পূজা কৰিলে বিশেষ ফল পোৱা যায়।
জ্যোতিষ শাস্ত্ৰ মতে বৃহস্পতিবাৰে হালধি ব্যৱহাৰ কৰি কিছু বিধান পালন কৰিলে ধন-সম্পত্তিৰ বৃদ্ধি হয় আৰু আৰ্থিক অৱস্থা সুদৃঢ় হয়।
গা ধুই ভগৱান বিষ্ণু বা লক্ষ্মীৰ মূৰ্তি বা ছবিৰ সন্মুখত ধূপ-বন্তি জ্বলাই প্ৰাৰ্থনা কৰি হালধিৰ ফোঁট কপালত লগাব লাগে।
গা ধুই বিষ্ণুক পূজা কৰক। কেইটামান চাউলত হালধি সানি চাউলকেইটাও পূজাত ৰাখক। পূজাৰ পিছত ৰঙা কাপোৰ এখনত চাউলকেইটা বান্ধি পাৰ্চত ৰাখিব।
ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু হালধি মিহলি পানী আগবঢ়াই "ঔম নমো ভগৱতে বাসুদেৱায় নম" মন্ত্ৰ জপ কৰক।
সন্ধিয়া গৰুৰ ঘিউ আৰু হালধি গুড়ি দিয়া এগচি চাকি ঘৰৰ উত্তৰ-পূব দিশত জ্বলাওক। ই ঘৰলৈ সমৃদ্ধি আৰু ধনাত্মক শক্তি আনে বুলি বিশ্বাস কৰা হয়।
হালধী ৰোজাৰীৰে ১০৮ বাৰ “ঔম ব্রিম বৃহস্পতিয়ে নমঃ” মন্ত্র জপ কৰিব। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহ শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক
সঁচা প্ৰমাণিত বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী