দেৱালীত এই কাম কৰিলে পূৰণ হয় মনোকামনা

30 OCT, 2024 

TV9 ASSAM

জ্যেতিষ শাস্ত্ৰ অনুসৰি দেৱালীৰ দিনা মা লক্ষ্মী আৰু ভগৱান গণেশৰ নিয়ম অনুসৰি পূজা কৰিব লাগে।লক্ষ্মীক ৰঙা কাপোৰ. ফুল, মিঠাই অৰ্পন কৰিব লাগে। মাৰ চৰনত পদুম ফুল ৰাখিলে মনোকামনা পূৰ্ণ হয়।

লক্ষ্মী পূজা

জ্যোতিষ শাস্ত্ৰ অনুসৰি, পুৱা গা ধুৱাৰ সময়ত এটা বাতিত ক'লা তিল আৰু গুড় লৈ মূৰৰ ওপৰত ঘূৰাই বাহিৰত পেলাই দিয়ক। এনে কৰিলে বেয়া শক্তি দূৰলৈ যায় আৰু সকলো বাধা দূৰ হয়।

তিল

ঘৰৰ প্ৰতিটো কোনত বন্তি জ্বলাব লাগে। বিশেষকৈ মুখ্য দুৱাৰত চাকি জ্বলালে নকৰাত্মক শক্তিৰ প্ৰভাৱ কমে আৰু সকৰাত্মক শক্তিৰ প্ৰভাৱ বাঢ়ে।

বন্তি

দেৱালীৰ দিনা মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ শ্ৰী সুক্ত পাঠ কৰিব লাগে। ইয়ে ঘৰলৈ সুখ- সমৃদ্ধি কঢ়িয়াই আনে।

শ্ৰী সুক্ত পাঠ

দেৱালীৰ দিনা পূজাত তামোল পান দিব লাগে। পানত হালধী আৰু  নগদ ধন ৰাখিব লাগে।পূজাৰ পাছত এইখিনি আপুনি ধন ৰখা স্থানত থৈ দিব।তেনে কৰিলে আৰ্থিক শ্ৰীবৃদ্ধি হয়।

তামোল পান

দেৱালীৰ নিশা ১১ টা চাকি জ্বলাই ঘৰৰ বিভিন্ন ঠাইত ৰাখিব লাগে। এনে কৰিলে ঘৰত সুখ সমৃদ্ধি হয়। লগতে আৰ্থিত সমস্যা নোহোৱা হয়।

১১ বন্তি

লক্ষ্মী পূজাৰ পাছত পায়খ প্ৰসাদ হিচাপে বিতৰণ কৰিব পাৰে। পায়খ লক্ষ্মী মাৰ প্ৰিয়। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়।

পায়খ 

পঢ়িবলৈ ক্লিক কৰক 

গাৰুৰ তলত তুলসী পাত ৰাখিলে কি হয়