সন্ধিয়া কিয় টকা-পইচাৰ লেনদেন কৰিব নালাগে? 

8 Jan 2025

TV9 ASSAM

ভালদৰে জীৱন চলাই নিবলৈ আজিৰ দিনত টকা-পইচাৰ প্ৰয়োজন হয়। কিন্তু দেখা যায় যে, বহুতৰ হাতত টকা নাথাকে। হাতলৈ টকা অহাৰ লগে লগে খৰচ হৈ যায়।

টকা-পইচাৰ লেনদেন

শাস্ত্ৰত ধনৰ লেনদেনক কিছুমান নিয়মৰ উল্লেখ আছে। মান্যতা অনুসৰি এই নিয়মসমূহ পালন কৰিলে জীৱনত আৰ্থিকস্থিতি ভালে থাকে। আনহাতে পালন নকৰিলে সমস্যাৰ সন্মুখীন হোৱা যায়।

আৰ্থিক সংকট

বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে সন্ধিয়াৰ সময়ত টকা-পইচাৰ লেনদেন কৰিব নালাগে।  কাৰোবাৰ টকা গ্ৰহণ কৰিবও নালাগে আৰু কাকো দিবও নালাগে।

মান্যতা

মান্যতা অনুসৰি সন্ধিয়া সময়ত কাকো টকা ধাৰলৈ দিব নালাগে আৰু নিজেও ঋণ লব নালাগে। যদি এনে কৰা হয়, তেন্তে জীৱনত আৰ্থিক সমস্যাই দেখা দিয়ে।

সমস্যা

সন্ধিয়াৰ লগতে ব্ৰহ্মমুহুৰ্তত টকা-পইচাৰ লেনদেন কৰিব নালাগে। কোৱা হয়, এই সময়ত মা লক্ষ্মীয়ে বিচৰণ কৰি থাকে। সেয়ে এই সময়ত লেনদেনৰ পৰা আঁতৰি থকা ভাল।

লেনদেন

ব্ৰহ্ম মুহুৰ্ত দেৱ-দেৱীৰ আৰধনাৰ সময় হিচাপে গন্য কৰা হয়। মান্যতা অনুসৰি এই সময়খিনিত ধনৰ লেনদেন কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

সমস্যা 

পুৱাৰ পৰা সূৰ্য অস্ত হোৱাৰ পূৰ্বে টকা- পইচাৰ লেনদেন কৰা ভাল। গতিকে এনে সময়খিনিত ধন সম্পৰ্কীয় সকলো কাম কৰিব পাৰে। এনে কৰিলে কোনো সমস্যা নহয়।

শুভ সময়

পঢ়িবলৈ ক্লিক কৰক 

বিচনাৰ তলত পানী ৰাখিলে কি হয় জানক