TV9 ASSAM
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ মূল তথা গুৰুত্বপূৰ্ণ অংশ পাকঘৰ। পাকঘৰত ঘৰৰ প্ৰতিগৰাকী সদস্যৰ বাবে খাদ্য প্ৰস্তুত কৰা হয়। যাৰ প্ৰভাৱ পৰিয়ালৰ স্বাস্থ্যৰ ওপৰত পৰে।
বাস্তু শাস্ত্ৰত পাকঘৰৰ লগত জড়িত কিছুমান উপায়ৰ বিষয়ে উল্লেখ কৰা হৈছে। যিসমূহ নিয়ম পালন কৰিলে পৰিয়ালৰ সদস্যৰ স্বাস্থ্য ভাল হয়, লগতে ধন লাভ হয়।
বাস্তু শাস্ত্ৰ অনুসৰি, পাকঘৰত নিশাৰ ভাগত পানীৰে ভৰ্তি বাচন ৰাখিব লাগে। এয়া শুভ বুলি গণ্য কৰা হয়। কোৱা হয় এনেকৈ ৰাখিলে ব্যক্তিৰ ধনৰ লগত জড়িত সমস্যা নোহোৱা হয়।
বাস্তু শাস্ত্ৰত দিশৰ বিশেষ মহত্ব আছে। গতিকে ধনৰ লাভৰ বাবে পানী ভৰ্তি বাচন সদায় উত্তৰ বা উত্তৰ পূৱ দিশত ৰাখিব লাগে। পানী ৰখাৰ বাবে এই দিশ শুভ।
আজিকালি বিভিন্নজনে পানী ৰাখিবৰ বাবে ফ্ৰীজ বা বটল ব্যৱহাৰ কৰে। কিন্তু পাকঘৰত মাটিৰ পাত্ৰ বা কলহত পানী ৰাখিব লাগে। অৱশ্যে বাল্টিটো আপুনি পানী ৰাখিব পাৰে।
মান্যতা অনুসৰি পাকঘৰত পানী ভৰ্তি বাচন ৰাখিলে কেতিয়াও ধনৰ সমস্যা নহয়। ইয়াৰোপৰি পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰা যায়। যাৰ বাবে কামত সফলতা পোৱা যায়।
ভৱিষ্য পুৰাণ অনুসৰি, পানীৰ বাচন আধা বা কম হলে লগে লগে পূৰ কৰিব লাগে। মান্যতা অনুসৰি, খালী বা আধা পানী থকা বাচনৰ ফলত ঘৰত অশান্তি কাজিয়া আদি হয়।
পঢ়িবলৈ ক্লিক কৰক