TV9 ASSAM
বাস্তু শাস্ত্ৰ অনুসৰি, পাকঘৰ ঘৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। যাৰ বাবে পাকঘৰত কিছুমান বস্তু ৰখা শুভ আৰু কিছুমান অশুভ বুলি গন্য কৰা হয়। আহক জানো, কি কি বস্তু ৰাখিব নালাগে।
বাস্তু শাস্ত্ৰ অনুসৰি, পাকঘৰত কেতিয়াও ভঙা বাচন ৰাখিব নালাগে। ই নকৰাত্মক শক্তি কঢ়িয়াই আনে যাৰ ফলত কাজিয়া, দৰিদ্ৰতাই দেখা দিয়ে। এনে বাচন ৰখা ভগৱানক অপমান কৰা বুলি কোৱা হয়।
ধাতুৰ খালী বাচন পাকঘৰত ৰাখিব নালাগে। এনে বাচন দৰিদ্ৰতাৰ প্ৰতীক। সেয়ে ধাতুৰ পাত্ৰ সদায় ঢাকি ৰাখিব লাগে বা তাত কিবা সামগ্ৰী থৈ দিব লাগে।
ঔষধ বেমাৰৰ লগত জড়িত আৰু পাকঘৰৰ সুখৰ লগত। সেয়ে দুয়োটা বস্তু একেলগে থকা বেয়া। বাস্তু শাস্ত্ৰ অনুসৰি, পাকঘৰত ঔষধ ৰাখিব নালাগে।
পাকঘৰত কেতিয়াও মৰি যোৱা গছ ৰাখিব নালাগে। ই নকৰাত্মক শক্তিৰ প্ৰতীক। যাৰ বাবে পাকঘৰত সতেজ উদ্ভিদ ৰাখিব লাগে। ই ঘৰলৈ সুখ কঢ়িয়াই আনে।
পাকঘৰ পাতল ৰঙৰ হোৱা শুভ বুলি গন্য কৰা হয়। ইয়াৰোপৰি পাকঘৰৰ মূল দুৱাৰ সদায় দক্ষিণ-পূৱত থাকিব লাগিব। এনে দিশত পাকঘৰৰ দুৱাৰ থকা শুভ।
পাকঘৰ সদায় চাফ চিকুনকৈ ৰাখিব লাগে। ইয়াৰদ্বাৰা ঘৰত ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। গতিকে সুখ-সমৃদ্ধি বিচাৰিলে এই দিশসমূহৰ ওপৰত গুৰুত্ব দিয়া গুৰুত্বপূৰ্ণ।
পঢ়িবলৈ ক্লিক কৰক