মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগ কি কাৰণে হয়?

24 April 2025

TV9 ASSAM

আজিকালি প্ৰায়ভাগ মহিলাৰ স্তনৰ কৰ্কট ৰোগ হোৱা দেখা যায়। বহু সময়ত এই ৰোগ গুৰুতৰ হৈ পৰে আৰু ৰোগীৰ জীৱনলৈ ভাবুকি আহে। গতিকে মহিলাসকল সাৱধান হোৱা উচিত

স্তনৰ কৰ্কট ৰোগ

যদি পৰিয়ালৰ কোনো লোকৰ স্তন কৰ্কট ৰোগ হয় তেন্তে অন্য মহিলাৰো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই ৰোগ বংশানুক্ৰমিক বুলি ক'ব পাৰি।

পৰিয়াল

যিকসকল মহিলাই বেছিকৈ সুৰাপান, ধূমপান কৰে সেইসকলৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে মহিলাসকলে সুৰা আৰু ধূমপানৰ পৰা আঁতৰত থাকিব লাগে।

সুৰা-ধূমপান

শৰীৰৰ অত্যাধিক ওজন বৃদ্ধি স্তনৰ কৰ্কট ৰোগৰ কাৰণ হোৱাৰ সম্ভাৱনা থাকে। গতিকে মহিলাসকলে ওজন নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিব লাগে। মেদবহুলতা এই ৰোগৰ অন্যতম কাৰণ।

মেদবহুলতা

বহু সময়ত কিছুমান মহিলাই হৰম'ন থেৰেপিৰ ঔষধ ব্যৱহাৰ কৰে। গতিকে ইয়াৰ ফলত স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ৰেডিয়েশ্যনৰ ফলতো এই ৰোগ হ'ব পাৰে।

হৰম'ন

বায়ু আৰু পানীত থকা কিছুমান ৰাসায়নিত পদাৰ্থই স্তন কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। গতিকে প্ৰদূষণৰ পৰা মহিলাসকলে নিজকে সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিব লাগে।

প্ৰদূষণ

যিসকল মহিলাৰ ৩০ বছৰতকৈ অধিক বয়সত প্ৰথম সন্তান হয় তেওঁলোকৰ স্তন কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। অৱশ্যে এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

দেৰিকৈ শিশু

পঢ়িবলৈ ক্লিক কৰক 

দাঁত বিষৰ উপায়