TV9 ASSAM
বৰ্তমান চলি আছে আই পি এল ২০২৫ । আই পি এলৰ খেলৰ বাবে ফ্ৰেনচাইজীসমূহে খেলুৱৈ সমূহক কোটি কোটি টকাৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে।
আই পি এলত এজন খেলুৱৈ কোটি কোটি টকা লাভ কৰে। কিন্তু এজন আম্পায়াৰেও কম টকা লাভ নকৰে। লাখ লাখ টকা তেওঁলোকে লাভ কৰে।
আই পি এলত প্ৰতিগৰাকী আম্পায়াৰৰ দৰমহা বেলেগ বেলেগ। তেওঁলোকৰ দৰমহা বিভিন্ন দিশৰ ওপৰত নিৰ্ভৰ কৰে।
অভিজ্ঞতা সম্পন্ন আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আম্পায়াৰ সকলে প্ৰতিখন মেচৰ বাবদ প্ৰায় ১,৯৮,০০০ টকা লাভ কৰে। এই আম্পায়াৰসকলে ১০০ খনতকৈ অধিক IPL মেচৰ অভিজ্ঞতা থাকে।
কম অভিজ্ঞতা থকা আম্পায়াৰসকলে প্ৰতিখন মেচৰ বাবদ ৫৯,০০০ টকা লাভ কৰে। এই কেটেগৰীত ভাৰতীয় আম্পায়াৰ বীৰেন্দ্ৰ শৰ্মাৰ দৰে লোক আহে।
এখন আই পি এল চিজনত আম্পায়াৰে প্ৰায় ৭,৩৩,০০০ টকা আয় কৰে। প্লেঅফ বা নকআউট নেচৰ বাবে বেলেগকৈ বোনাচ দিয়া হয়।
গতিকে প্ৰতিগৰাকী আম্পায়াৰৰ দৰমহা বেলেগ বেলেগ। বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে এই তথ্য। তেওঁলোকৰ দৰমহা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে।
পঢ়িবলৈ ক্লিক কৰক