TV9 ASSAM
বাস্তু শাস্ত্ৰত বাস্তু দোষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় উল্লেখ থাকে। বাস্তু শাস্ত্ৰ অনুসৰি আমাৰ পাকঘৰত এনে বহু সামগ্ৰী থাকে যি ব্যৱহাৰ কৰিলে ধন বৃদ্ধি হয়।
হিন্দু ধৰ্মত হালধিৰ মহত্ব অধিক। পূজা বা কোনো শুভ কাৰ্য কৰাৰ সময়ত হালধি ব্যৱহাৰ হয়। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত ইয়াৰ বিশেষ মহত্ব আছে।
বাস্তু শাস্ত্ৰ অনুসৰি, টকা থোৱা বেগত হালধি ৰাখিলে বহু শুভ ফল পোৱা যায়। কোৱা হয়, বেগত কেঁচা হালধিৰ টুকুৰা ৰাখিলে ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে আৰু ধনৰ সমস্যা নহয়।
বাস্তু শাস্ত্ৰ মতে, হালধিৰ টুকুৰাৰ সম্পৰ্ক গুৰু বৃহস্পতিৰ লগত আছে। গতিকে বৃহস্পতিবাৰে হালধিৰ গাঁঠিৰ টুকুৰা বেগত ৰাখিব পাৰে।
মান্যতা অনুসৰি,টকা থোৱা বেগত হালধি টুকুৰা ৰাখিলে পাবলগীয়া ধন ঘূৰাই পায়। লগতে মা লক্ষ্মী প্ৰসন্ন হয়। সেয়ে ধনৰ কোনো সমস্যা নহয়।
বাস্তু শাস্ত্ৰ অনুসৰি ধন প্ৰাপ্তিৰ বাবে হালধিৰ গাঁঠিৰ টুকুৰা এটা ৰঙা কাপোৰ এখনত বান্ধি মা লক্ষ্মীক অৰ্পন কৰিব লাগে। তাৰ পাছত বেগত ৰাখিব লাগে।
বাস্তু শাস্ত্ৰ অনুসৰি বেগত হালধিৰ গাঁঠিৰ টুকুৰা ৰাখিলে ৰাহু-কেতুৰ দোষৰ পৰা মুক্তি পোৱা যায়। ইয়াৰোপৰি কুণ্ডলীত গুৰু বৃহস্পতিৰ স্থিতি ভাল হয়।
পঢ়িবলৈ ক্লিক কৰক