ভাৰতৰ এইখন চহৰক কোৱা হয় কণ্ডমৰ চহৰ...

28 Jan 2025

TV9 ASSAM

ভাৰতত এখন এনে ৰাজ্য আছে যাক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়। আহক জানো কিয় এই চহৰখনত এনে নাম দিয়া হৈছে।

কণ্ডমৰ ৰাজধানী

শুনিলে আচৰিত লাগিলেও আমাৰ দেশতে আছে এনে এখন চহৰ। মহাৰাষ্ট্ৰৰ এখন চহৰক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়। এই চহৰখনৰ নাম ঔৰংগাবাদ।

চহৰ

ঔৰংগাবাদক কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়। কিয়নো এই চহৰখনত দেশৰ সবাতোকৈ বেছি কণ্ডম প্ৰস্তুত কৰা কোম্পানী আছে। এনে কাৰণতে এই নাম দিয়া হৈছে।

কিয়

দেশত বিক্ৰী হোৱা কণ্ডমৰ ক্ষেত্ৰত এই চহৰখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয়নো দেশৰ সৰহ সংখ্যক কণ্ডম এই চহৰখনে যোগান ধৰে।

প্ৰেৰণ কৰা

ঔৰংগাবাদত প্ৰতিমাহে ১০ কোটি কণ্ডম প্ৰস্তুত হয়। পৰৱৰ্তী সময়ত এই কণ্ডমসমূহ দেশৰ বিভিন্ন প্ৰান্তত প্ৰেৰণ কৰা হয়। বিভিন্ন ধৰণৰ কণ্ডম ইয়াত প্ৰস্তুত কৰা হয়।

প্ৰস্তুত

কেৱল দেশতেই নহয়, ঔৰংগাবাদত প্ৰস্তুত হোৱা কণ্ডম ইউৰোপ, লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ অন্য দেশতো বিক্ৰী হয়।

বিদেশ

ঔৰংগাবাদত কণ্ডম প্ৰস্তুত আৰু তাৰ পাছত দেশ বিদেশত ইয়াক যোগান ধৰা হয় বাবে কণ্ডমৰ ৰাজধানী বুলি কোৱা হয় ।মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে এই কথা।

নাম

পঢ়িবলৈ ক্লিক কৰক 

আৰ্থিক সংকটত ভুগিছে নেকি