২৬ জুন ২০২৪
TV9 Assam
ই হ'ব পাৰে এক বিশেষ ৰোগৰ লক্ষণ । এই ৰোগবিধক হাইপাৰহাইড্ৰোচিছ বুলি কোৱা হয়।
বৰ্তমান সময়ত প্ৰচণ্ড গৰমে দহিছে দেশ তথা ৰাজ্য। সঘনাই পৰিৱৰ্তন হৈছে বতৰ। যাৰ বাবে বৃদ্ধি হৈছে আৰ্দ্ৰতা।
এই সময়ত আমাৰ শৰীৰৰ পৰা ঘাম ওলায়।
কিন্তু কোনো শাৰীৰিক পৰিশ্ৰম নকৰাকৈ আপোনাৰ শৰীৰৰ পৰা যদি প্ৰয়োজনতকৈ অত্যাধিক ঘাম ওলাই , তেন্তে সাৱধান হওক।
এই ৰোগৰ ফলত, শৰীৰত পানীৰ অভাৱ হয়। যি আমাৰ দেহৰ বাবে বিপদজ্জনক হ’ব পাৰে।
হাইপাৰহাইড্ৰোচিছ সন্দৰ্ভত দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় কুমাৰে বিতংভাৱে কয় যে ঘাম গ্ৰন্থি অত্যাধিক সক্ৰিয় হোৱাৰ ফলত এই ৰোগ হয়।
ৰোগটোৰ চিকিৎসাৰ বাবে ঔষধ, তাপীয় আৰু বটক্স বেজীৰ দৰে কৌশলো ব্যৱহাৰ কৰা হয়।
চাবলৈ ক্লিক কৰক