০৮ নৱেম্বৰ ২০২৪
TV9 ASSAM
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ জয়ত অত্যন্ত সুখ প্ৰকাশ কৰিছে তেওঁৰ সমৰ্থকসকলে।
কেৱল আমেৰিকাতে নহয় ভাৰততো ট্ৰাম্পৰ অনুৰাগীৰ অভাৱ নাই। ভাৰততো উদযাপন কৰা হৈছে ট্ৰাম্পৰ বিজয়।
তেলেংগানাৰ জনাগাওঁ জিলাত আছে কৌনে নামৰ এখন গাঁও। এই গাঁওখনত ৬ ফুট উচ্চতাৰ ট্ৰাম্পৰ প্ৰতিমূৰ্তি আছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ বিজয় উদযাপন কৰিবলৈ এই গাঁৱৰ ৰাইজে ট্ৰাম্পৰ প্ৰতিমূৰ্তিত মালা পিন্ধাই পূজা কৰে।
গাঁওখনত থকা ট্ৰাম্পৰ অনুৰাগীসকলে তেওঁৰ প্ৰতিমূৰ্তিৰ ভৰি স্পৰ্শ কৰি সেৱা জনোৱাৰ লগতে জল অভিষেকো কৰে।
বুছা কৃষ্ণ নামৰ এজন ব্যক্তিয়ে নিজ গৃ্হত ২০১৯ চনৰ ১৪ জুনত ট্ৰাম্পৰ ৭৩ সংখ্যক জন্মদিনত এই প্ৰতিমূৰ্তি স্থাপন কৰিছিল।
ট্ৰাম্প অনুৰাগী বুছা কৃষ্ণ এতিয়া এই পৃথিৱীত নাই, কিন্তু জীয়াই থাকোঁতে তেওঁ প্ৰতিদিনে ট্ৰাম্পক পূজা কৰিছিল।
গাঁৱৰ ৰাইজে জানিবলৈ দিয়া মতে ২০২০ চনত ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বুছা কৃষ্ণৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।
বুছা কৃষ্ণই প্ৰায় ডেৰ লাখ টকা খৰচ কৰি ট্ৰাম্পৰ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল বুলি জানিব পৰা গৈছে।
পঢ়িবলৈ ক্লিক কৰক
আই পি এলত ধনাঢ্য হ’ব ভাৰতৰ এই ‘পঞ্চতাৰকা’!