২২ মে', ২০২৪
বুদ্ধ জয়ন্তী বা বুদ্ধ পূৰ্ণিমা চলিত বৰ্ষৰ ২৩ মে' বৃহস্পতিবাৰে পালন কৰা হ'ব। এই দিনটো অতি শুভ দিন বুলি গন্য কৰা হয়।
২২ মে’ৰ সন্ধিয়া ৬.৪৭ বজাত পূৰ্ণিমা আৰম্ভ হ’ব আৰু ২৩ মে’ সন্ধিয়া ৭.২২ বজাত শেষ হ’ব। উদয়া তিথিৰ মতে, এইবাৰ ২০২৪ চনৰ ২৩ মে’ বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা উৎসৱ পালন কৰা হ’ব।
বুদ্ধ পূৰ্ণিমাত দান কৰিলে পোৱা যায় সুফল। বিভিন্ন ধৰণৰ নিয়ম মানি চলিলেও এই পূৰ্ণিমাই ভাল প্ৰভাৱ পেলাই পুলি মান্যতা আছে।
বুদ্ধ পূৰ্ণিমা উপলক্ষে সন্ন্যাসী আৰু ঋষিসকলক দান কৰাতো শুভ বুলি কোৱা হয়। এই ক্ষেত্ৰত খাদ্য, কাপোৰ, ঔষধ বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দান কৰিব পাৰে।
দৰিদ্ৰসকলৰ লগতে কিতাপ, কলম, বেগ ইত্যাদি শিক্ষামূলক সামগ্ৰী দুখীয়া আৰু আৰ্তজনক দান কৰাটো এক গুণৰ কাম। ইয়াৰ ফলত শিশুৰ ভৱিষ্যত উজ্জ্বল হৈ পৰে।
পৰিৱেশৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ বুদ্ধ পূৰ্ণিমা উপলক্ষে গছপুলি ৰোপণ কৰিব পাৰে।
বুদ্ধ পূৰ্ণিমাৰ দিনা দানে আপোনাক আধ্যাত্মিক সন্তুষ্টি প্ৰদান ৰৃকৰি জীৱনত ইতিবাচক পৰিৱৰ্তন আনে। আপোনাৰ বিশ্বাস আৰু সামৰ্থ্য অনুসৰি যিকোনো বস্তু দান কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক