৪ জুলাই, ২০২৪
Tv9 Assam
চাহৰ বাবে ভাৰত জনাজাত। দেশত বহুলোকে চাহ খাই ভাল পায়। বিভিন্নজনৰ দিনৰ আৰম্ভণী একাপ চাহৰ দ্বাৰাই হয়।
চাহৰ লগত বহুতে বিস্কুট বা অন্য বস্তু খাই ভাল পায়। কিন্তু চাহৰ লগত খোৱা কিছুমান বস্তুৱে আপোনৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
দিল্লীৰ আয়ুৰ্বেদিক চিকিৎসক আৰ পি পাৰাশৰে কয় যে, চাহৰ লগত টেঙা ফল খাব নালাগে। ই গেছ বা পেটৰ আন সমস্যাৰ সৃষ্টি কৰিব পাৰে।
চাহৰ লগত মচলাযুক্ত খাদ্য খোৱাৰ ফলত পেটৰ সমস্যা হ'ব পাৰে। বুকুত জ্বলা- পুৰা অনুভৱ আৰু শৰীৰত কেতিয়াবা বিষ অনুভৱো কৰিব পাৰে।
শৰীৰৰ বাবে আয়ৰণৰ প্ৰয়োজন। কিন্তু চাহৰ লগত আয়ৰণযুক্ত খাদ্য গ্ৰহণ কৰাতো শৰীৰৰ বাবে ভাল নহয়।
চাহৰ লগত কেক, পেষ্ট্ৰী আদি খালে শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বাঢ়িব পাৰে। ইয়াৰ ফলত হৃদৰোগৰ সমস্যা হ'ব পাৰে।
চাহৰ লগত ঠাণ্ডা বস্তু খাব নালাগে। ইয়াৰ ফলত পাচন ক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। গৰম আৰু ঠাণ্ডা একেলগে খালে পেটৰ সমস্যা বা আন সমস্যাত ভুগিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক