TV9 ASSAM
বাস্তু শাস্ত্ৰত ঘৰৰ সুখ সমৃদ্ধি, ব্যক্তিৰ সমৃদ্ধি আদি বিভিন্ন দিশৰ উপায়ৰ বিষয়ে উল্লেখ কৰা হয়। ঘৰৰ কোন বিধ বস্তু কি ঠাইত ৰাখিলে ভাল সেই সম্পৰ্কেও বাস্তু শাস্ত্ৰত উল্লেখ আছে।
ঘৰৰ মূল দুৱাৰৰ মহত্ব অধিক। বাস্তু শাস্ত্ৰত ঘৰৰ মূল দুৱাৰকলৈ কিছুমান কথা কোৱা হৈছে যিয়ে ঘৰত আৰ্থিক অৱস্থাৰ উন্নতি কৰে বুলি কোৱা হয়।
ঘৰৰ মূল দুৱাৰত কেতিয়াও জাবৰ ৰাখিব নালাগে। ইয়াৰ দ্বাৰা মা লক্ষ্মী অসন্তুষ্ট হয়। ঘৰৰ মূল দুৱাৰ সদায় চাফ চিকুনকৈ ৰাখিব লাগে।
ঘৰৰ মূল দুৱাৰত কেতিয়াও মানি প্লান্ট বা বগাই যোৱা গছ ৰাখিব নালাগে। ইয়াৰ ফলত আৰ্থিক দিশত সমস্যা হয়। এনে গছ ঘৰৰ ভিতৰত ৰাখিব লাগে।
ঘৰৰ বাহিৰত লেতেৰা পানী জমা হোৱা অশুভ বুলি কোৱা হয়। ইয়াৰ ফলত সমাজৰ পৰা অপমান লাভ কৰিব পাৰে। গতিকে ঘৰৰ আগত লেতেৰা পানী জমা হ'ব দিব নালাগে।
মূল দুৱাৰত কেতিয়া কাঁইটীয়া গছৰ ৰুব নালাগে। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পাই আৰু আৰ্থিক দিশত সমস্যা আহি পৰে।
বহু মানুহে ঘৰৰ মূল দুৱাৰত জোতা চেণ্ডেল ৰাখে। এনে কৰা অশুভ। ঘৰৰ মূল দুৱাৰত জোতা চেণ্ডেল ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক সংকটে দেখা দিয়ে।
পঢ়িবলৈ ক্লিক কৰক