জ্বলি থকা চাকি নিজে নুমাই  দিলে কি হয়

17 Nov 2024

TV9 ASSAM

হিন্দু ধৰ্মত চাকি বা বন্তি জ্বলোৱাৰ এক পৰম্পৰা আছে। বন্তিত পঞ্চমৌলৰ প্ৰতীক বুলি গন্য কৰা হয়। পূজাৰ সময়ত বা শুভ কামৰ সময়ত চাকি জ্বলোৱা পুৰণি পৰম্পৰা ।

চাকি

প্ৰায়ে মানুহৰ মনত প্ৰশ্ন আহে যে যদি জ্বলি থকা চাকি নিজে নুমাই দিয়ে তেতিয়া  কি হয়। অৱশ্যে এই বিষয়ে প্ৰাচীন গ্ৰন্থত উল্লেখ আছে।

নুমাই দিয়া

হিন্দু ধৰ্মৰ ১৮ খন পুৰাণৰ ভিতৰত এখন হ'ল ভৱিষ্য পুৰাণ।  এই ভৱিষ্য পুৰাণত জ্বলি থকা চাকি নুমাই দিলে কি শাস্তি পোৱা যায় তাৰ বিষয়ে উল্লেখ আছে।

কি হয়

ভৱিষ্য পুৰাণ অনুসৰি, যি ব্যক্তিয়ে জ্বলি থকা বন্তি নিজে ইচ্ছা কৰি নুমাই দিয়ে তেন্তে সেই ব্যক্তিজনে পুনৰ জনমত এক চক্ষু অৰ্থাৎ কনা হোৱাৰ দণ্ড লাভ কৰে।

শাস্তি

এই কাৰণৰ বাবে হিন্দু ধৰ্মত জ্বলি থকা বন্তি নুমুৱাব নালাগে বুলি কোৱা হয়। এয়া অতি অশুভ বুলি গন্য কৰা হয়। গতিকে ভুলতো এনে কাম কৰিব নালাগে।

নুমুৱাব নালাগে

ভৱিষ্য পুৰাণ অনুসৰি যি ব্যক্তিয়ে জ্বলি থকা চাকি চুৰি কৰে তেনে ব্যক্তিয়ে পুনৰ জনমত অন্ধ হোৱাৰ শাস্তি লাভ কৰে।

চুৰি কৰা

কোৱা হয়, জ্বলি বন্তিক সদায় সন্মান কৰিব লাগে।  জ্বলি থকা চাকি আনকো নুমুৱাব দিব নালাগে আৰু নিজেও নুমুৱাব নালাগে।

সন্মান

পঢ়িবলৈ ক্লিক কৰক 

শনি দোষৰ পৰা মুক্তি পাবলৈ এই কাম কৰক