বেগত ভুলতো নাৰাখিব এই সামগ্ৰী...

03 March 2025

TV9 ASSAM

বাস্তুত শাস্ত্ৰত বহু নিয়মৰ কথা উল্লেখ আছে। ধৰ্মীয় মান্যতা অনুসৰি এই নিয়ম পালন  কৰিলে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে। ইয়াৰোপৰি কিছুমান উপায় কৰিলে হাতলৈ ধন আহে।

বাস্তু শাস্ত্ৰ

ব্যক্তিয়ে নিজৰ লগত ৰখা বেগ  সন্দৰ্ভতো বাস্তু শাস্ত্ৰত উল্লেখ আছে। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে কি বস্তু বেগত ৰাখিলে ভাল আৰু কি ৰাখিলে বেয়া।

টকা লোৱা বেগ

বাস্তু শাস্ত্ৰ অনুসৰি বেগত কিছুমান বস্তু ৰাখিব নালাগে। এইসমূহ বস্তু বেগত ৰখাৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হয়  আৰু জীৱনত আৰ্থিক সমস্যাই দেখা দিয়ে।

কি নাৰাখিব

বাস্তু শাস্ত্ৰ অনুসৰি,ব্যক্তিয়ে কেতিয়াও বেগত চুৰি, পিন আৰু ধাতুৰে নিৰ্মিত বস্তু ৰাখিব নালাগে। এক কথাত, লো বা চোকা সামগ্ৰী ৰখা বেয়া।  ইয়াৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হয় আৰু জীৱনলৈ সংকট আহে।

লো

বাস্তু শাস্ত্ৰ অনুসৰি বেগত কেতিয়াও পুৰণি বিল বা ৰচিদ ৰাখিব নালাগে। মান্যতা অনুসৰি এনে কৰিলে ব্যক্তিক ৰাহু দোষে পাই আৰু ইয়াৰ ফলত ধনৰ সমস্যা আহে।

বিল

বিভিন্নজনে নিচাযুক্ত দ্ৰব্য বা গুটখা, চিগাৰেট আদি বেগত ৰাখে।কিন্তু ভুলতো এই সামগ্ৰীবোৰ বেগত ৰাখিব নালাগে। এনে কৰা অশুভ। যাৰ বাবে জীৱনত আৰ্থিক সমস্যা হয়।

নিচাযুক্ত দ্ৰব্য

বেগত কেতিয়াও পূৰ্বপুৰুষ বা ভগৱানৰ ফটো ৰাখিব নালাগে। এনে কৰা অশুভ বুলি বিশ্বাস কৰা হয়। ইয়াৰোপৰি ফটা বা বেয়া হৈ যোৱা বেগ ব্যৱহাৰ কৰিব নালাগে।

পূৰ্বপুৰুষ বা ভগৱানৰ ফটো

পঢ়িবলৈ ক্লিক কৰক 

লঙৰ উপকাৰ