3 Nov 2024
TV9 Assam
শীতকালৰ আগমনৰ লগে লগে বন্ধ কৰি দিয়া হ'ল কেদাৰনাথ ধামৰ দুৱাৰ । এই সময়ছোৱাত মন্দিৰত দেখা গৈছিল বিশাল ভিৰ।
সম্পূৰ্ণ ৰীতি-নীতিৰে কেদাৰনাথ ধামৰ দুৱাৰ ৬ মাহলৈ বন্ধ কৰা হৈছে। ভাতৃ দ্বিতীয়া উপলক্ষে পুৱা ৮.৩০ বজাত বন্ধ কৰা হৈছে মন্দিৰৰ দুৱাৰ ।
কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱাৰ পিছত, ভগৱান কেদাৰনাথৰ পঞ্চ বিগ্ৰহ দোলি ওমকাৰেশ্বৰ মন্দিৰ উখিমঠলৈ ৰাওনা হয়।
দুৱাৰ বন্ধ হোৱাৰ সময়ত, সমগ্ৰ কেদাৰনাথ ধাম বম বম ভোলে আৰু জয় বাবা কেদাৰনাথৰ ধ্বনিৰে প্ৰতিধ্বনিত হৈ পৰিছিল।
দুৱাৰ বন্ধ হোৱাৰ সময়ত, প্ৰায় ১৫ হাজাৰ লোক এই অনুষ্ঠানটোৰ সাক্ষী হৈছে।
চলিত বছৰত ১৬.৫০ লাখ ভক্তই কেদাৰনাথ ধাম দৰ্শন কৰিছে।