TV9 ASSAM
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২৬ ডিচেম্বৰত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ একেৰাহে ১০ বছৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল।
ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক বিশেষ সম্পৰ্ক আছে। তেওঁৰ জন্ম পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত হৈছিল।
মনমোহন সিঙৰ গাঁওখনৰ নাম 'গাহ'। ই পাঞ্জাৱ প্ৰদেশৰ চকৱাল জিলাত অৱস্থিত। বিভাজনৰ পিছত, তেওঁ গাঁও এৰি পৰিয়ালৰ সৈতে অমৃতসৰলৈ আহিছিল।
যেতিয়া ২০০৪ চনত মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁৰ আলোচনা দেশতকৈ পাকিস্তানত অধিক হৈছিল।
২০০৭ চনত পাঞ্জাৱ চৰকাৰে গাহ গাঁৱৰ বিদ্যালয়খন মনমোহন সিঙৰ নামেৰে 'মনমোহন সিং গৱৰ্ণমেণ্ট বয়জ স্কুল' হিচাপে নামাকৰণ কৰিছিল।
গাহ গাঁৱৰ মানুহে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক তেওঁলোকৰ গাঁও ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। অৱশ্যে, মনমোহন সিঙে তালৈ যাব নোৱাৰিলে।
মনমোহন সিঙৰ গহ গাঁও আজি চকৱাল জিলাৰ এখন আদৰ্শ গাঁও। ইয়াৰ বাবে, গাঁওখনৰ মানুহে এতিয়াও মনমোহন সিঙক ধন্যবাদ জনাই।
পঢ়িবলৈ ক্লিক কৰক