TV9 ASSAM
শিশুৰ পৰা বৃদ্ধলৈ, সকলোৰে বাবে গাখীৰ উপকাৰী। গাখীৰত কেলছিয়াম, প্ৰটিন, ভিটামিন ডি, বি ১২ আদিকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে। যাৰ বাবে ই শৰীৰৰ বাবে ভাল
পাকঘৰত ব্যৱহাৰ হোৱা প্ৰতিবিধ মচলাৰে নিজা নিজা গুণ আছে। জালুকক মচলাৰ ৰজা বুলি কোৱা হয়। জালুক এন্টিঅক্সিডেন্টছ আৰু এন্টি ইম্ফলেমেটৰী গুণ থাকে।
হালধী গাখীৰ স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ লগতে গাখীৰত জালুক মিহলাই খালেও ভাল ফল পোৱা যায়। ইয়াৰ গুণৰ বিষয়ে সবিশেষ জনাইছে আয়ুৰ্বেদিক বিশেষজ্ঞ কিৰন গুপ্তাই।
গাখীৰত জালুক মিহলাই খালে চৰ্দি, কাহ , ডিঙিৰ সমস্যা আদিৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে।
গাখীৰত জালুক মিহলাই খালে হাড়ৰ বাবে ভাল। ইয়াৰ ফলত গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। লগতে পেশীৰ সমস্যাই বহু পৰিমাণে কমি যায়।
গাখীৰত জালুক মিহলাই খালে শৰীৰত হোৱা বিভিন্ন বিষ, ফুলা আদিৰ সমস্যা কমি যায়। ইয়াত ফুলা কম কৰাৰ বাবে বিশেষ গুণ থাকে।
জালুকত পিপেৰিন এঞ্জাইম থাকে, যাৰ বাবে ই পাচন তন্ত্ৰ শক্তিশালী কৰে। কোষ্যকাঠিন্যৰ সমস্যা থকা সকলে গাখীৰত জালুক মিহলাই খাব পাৰে।
পড়িবলৈ ক্লিক কৰক