তুলসীৰ শুকান ডাল হাতত বান্ধিলে লাভ কৰে শুভফল

৫ জুলাই, ২০২৪

Tv9 Assam

হিন্দু ধৰ্মত তুলসী গছৰ মহত্ব অধিক। যদি ঘৰত তুলসী গছ শুকাই যায় তেন্তে তাৰ শুকাই যোৱা ডাল আপোনাৰ বাবে শুভ হ'ব পাৰে।

তুলসী

জ্যোতিষ শাস্ত্ৰ মতে তুলসীৰ মাটি, শিপা , পাত, আনকি তুলসীৰ ডালবোৰো মানুহৰ বাবে অত্যন্ত উপযোগী।

উপকাৰী

যদি ঘৰত তুলসীৰ গছ শুকাই যায় তেন্তে তাৰ সৰু টুকুৰা এটা হালধীয়া কাপোৰত বান্ধি ডিঙিত পিন্ধি লওক।  এনে কৰিলে মানুহ বেয়া শক্তিৰ পৰা দূৰত থাকে বুলি কোৱা হয়।

নজৰ

তুলসীৰ শুকান অংগ এটা যদি স্বামীয়ে পত্নীৰ বাওঁ হাতত আৰু পত্নীয়ে স্বামীৰ সোঁ হাতত বান্ধে তেন্তে বৈবাহিক জীৱনৰ সমস্যা দূৰ হয়। লগতে মৰম বাঢ়ে।

মৰম়

তুলসীৰ শুকান অংশ ৰঙা কাপোৰত বান্ধি টকা পইচা ৰখা স্থানত থৈ দিয়ক। এনে কৰিলে লক্ষ্মী সন্তুষ্ট হয়। জীৱনত ধন লাভৰ যোগ হয়।

ধন লাভ

তুলসীৰ শুকাই যোৱা অংশ খুন্দি লৈ গংগা জলত মিহলাই তাৰ পানী সমগ্ৰ ঘৰত ছটিয়াই দিয়ক। এনে কৰিলে ঘৰৰ পৰা নেকিবাচক শক্তিৰ প্ৰভাৱ কমে।

বেয়া শক্তি

যদি আপোনাৰ কোনো কাম সম্পূৰ্ণ হোৱা নাই তেন্তে সেই স্থানত তুলসীৰ শুকান ডাল ৰাখক। এনে কৰিলে সফলতা লাভ কৰাৰ লগতে বাধা শেষ হয়।

বাধা

পঢ়িবলৈ ক্লিক কৰক 

নাগ পঞ্চমী