পৰিবহণ বিভাগৰ পথ সুৰক্ষাৰ নিৰ্দেশনা 

7 Oct 2024

TV9 ASSAM

(Credits: Getty Images)

দূগা পূজাৰ পূৰ্বে অসমত পথ সুৰক্ষাৰ স্বাৰ্থত কিছু নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে । তদুপৰি ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰা হ'ব ।

পথ সুৰক্ষা সপ্তাহ

অসমত সংঘটিত ৬৫ শতাংশ দুৰ্ঘটনা অতিৰিক্ত গতিবেগৰ ফলত হয়। গতিকে গাড়ীৰ গতিবেগ লেহেমীয়া কৰক আৰু নিৰ্ধাৰণ কৰি দিয়া গতি সীমা মানি চলক।

গাড়ীৰ গতিবেগ

যান-বাহনৰ নিয়ম পৰামৰ্শ নহয়, ই প্ৰয়োজনীয় কৰ্তব্য। ট্ৰেফিক চিগনেলক সন্মান কৰক আৰু লেন অনুশাসন মানি চলক।

যান-বাহনৰ নিয়ম মানি চলক

গাড়ী চলোৱাৰ সময়ত মেছেজ, ফোন বা আন কোনো কাৰ্যকলাপ পৰিহাৰ কৰক।

অন্যমনস্কভাৱে গাড়ী নচলাব

আপোনাৰ বাহনত থকা সকলোৱে ছিটবেল্ট পিন্ধাটো নিশ্চিত কৰক। দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰক।

ছিটবেল্ট আৰু হেলমেট পিন্ধক

মদ্যপান কৰি গাড়ী চলোৱাটো দুৰ্ঘটনাৰ আন এক প্ৰধান কাৰণ। মদ্যপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকক।

মদ্যপান কৰি গাড়ী নচলাব

গাড়ী চলাওতে পথচাৰী, চাইকেল আৰোহী আৰু শিশুৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি অতিৰিক্তভাৱে সাৱধান হওক ।

দুৰ্বল লোকক সুৰক্ষা দিয়ক

देखने के लिए क्लिक करें

চাহ শ্ৰমিকে লাভ কৰিব পূজা বোনাচ