ডাষ্ট এলাৰ্জীৰ সমস্যা সমাধানৰ উপায়

19 may 2024

 গাড়ীৰ ধোঁৱা, ধূলি-বালিয়ে হাঁচি আৰু কাঁহ সৃষ্টি কৰিব পাৰে। আজিকালি বহু লোক এই ডাষ্ট এলাৰ্জীৰ সমস্যাত ভুগিছে ।

 ডাষ্ট এলাৰ্জীৰ সমস্যা

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’লে এলাৰ্জীৰ সমস্যা বাঢ়ি যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে খাদ্যৰ তালিকাত কিছুমান বিশেষ খাদ্য ৰাখিব পাৰে ।

 ৰোগ প্ৰতিৰোধ ক্ষমতা 

গ্ৰীণ টি খোৱাৰ অভ্যাস কৰক । ইয়াত থকা এন্টি অক্সিডেন্টবোৰে এলাৰ্জীৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। 

গ্ৰীণ টি খোৱাৰ অভ্যাস

টেঙা দৈ বা লাচী খাব পাৰে । ইয়াত থকা প্ৰ’বায়’টিক পদাৰ্থই বিভিন্ন ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

টেঙা দৈ বা লাচী খাব

নেমু বা ছাইট্ৰাছ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। গতিকে ডাষ্ট এলাৰ্জীৰ সমস্যাৰ পৰা বাছিবলৈ নেমু, অমিতা খাব লাগে ।

নেমু, অমিতা খাব 

ড্ৰাই ফুড –বাদাম প্ৰটিনৰ উৎস। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।  গতিকে আলমণ্ড, আখৰোট, কাজু আদি বিভিন্ন ধৰণৰ শুকান ফল খাব লাগে।

ড্ৰাই ফুড

এলাৰ্জীৰ সমস্যা হ’লে দৈনিক এচামুচ হালধী গুড়ি আৰু ডালচেনী গৰম গাখীৰত লগত খাব লাগে। ই বীজাণু আঁতৰাই ৰাখিব আৰু এলাৰ্জীৰ সমস্যা কম কৰিব ।

হালধী গুড়ি আৰু ডালচেনী 

পঢ়িবলৈ ক্লিক কৰক

মানি চলক বিশেষজ্ঞৰ এই পৰামৰ্শ.