শাক-পাচলিৰ পৰা বীজানু আঁতৰোৱা উপায়

13 AUG 2024

TV9 ASSAM

বৰষুণৰ বতৰত জধেমধে শাক-পাচলি খালে ডায়েৰিয়া আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকে।

বৰষুণৰ বতৰ

বাৰিষা শাক-পাচলি ভালকৈ চাফা কৰি খাব লাগে। যদি আপুনি শাক-পাচলি চাফা কৰাৰ সঠিক নিয়ম নাজানে তেন্তে ই বিপদজনক।

 সঠিক নিয়ম

পচি যোৱা শাক-পাচলি আঁতৰাই ৰাখক । পোক-পৰুৱাৰে আক্ৰমণ কৰা পাতবোৰ কাটি পেলাওক। শাকৰ সেউজীয়া পাতবোৰ পৰিষ্কাৰ পানীত ধুব লাগে।

পৰিষ্কাৰ পানীত ধুব

৩ কাপ পানীত ১ কাপ ভিনেগাৰ মিহলাই লওক। তাৰ পিছত শাক-পাচলি ডুবাই দিব। ১০ মিনিটৰ পিছত পাচলিখিনি উলিয়াই ঠাণ্ডা আৰু পৰিষ্কাৰ পানীত ধুব।

ভিনেগাৰ মিহলাই লওক

ঠাণ্ডা পানীত ১-২ চামুচ বেকিং চোডা মিহলাই লওক। এই মিশ্ৰণত শাক-পাচলি ৫-১০ মিনিট তিয়াই থব পাৰে। ইয়াৰ পিছত আকৌ ঠাণ্ডা পানীত শাক-পাচলি ধুব।

বেকিং চোডা মিহলাই লওক

শাক-পাচলি চাফা কৰিবলৈ বজাৰত তৰল চাবোন পোৱা যায়। ইয়াক ব্যৱহাৰ কৰি শাক-পাচলি ধুব পাৰে।

তৰল চাবোন 

শাক-পাচলি সিজোৱাৰ আগতে গৰম পানীত ডুবাই ল'ব পাৰে । সেই পানী পেলাই দিয়ক। তাৰ পিছত শাক-পাচলি ৰান্ধিব। 

গৰম পানীত ডুবাই ল'ব 

পঢ়িবলৈ ক্লিক কৰক

কিয় এইখন চকীত বহিলে মানুহৰ মৃত্যু হয় ?