TV9 ASSAM
আমাৰ পাকঘৰত এনে কিছুমান বস্তু থাকে যিয়ে আমাক স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। মচলাৰ ভিতৰত এনে এবিধ বস্তু হৈছে লং। যাৰ বহু উপকাৰী গুণ আছে।
লং ত এন্টি ইম্ফলেমেটৰী, এন্টি বেক্টেৰিয়েল গুণৰ উপৰি ভিটামিন ই, চি, ফোলেট, ৰাইবোফ্লেবিন, থায়ামিন আৰু অমেগা ৩ ফেটি এচিডৰ দৰে উপাদান থাকে।
আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ ডিম্পল জাংগড়ে কয় যে, প্ৰতিদিনে মাত্ৰ ২ টা লং খালে স্বাস্থ্যৰ বিভিন্ন ধৰণৰ উপকাৰ হয়। গতিকে লং স্বাস্থ্যৰ বাবে ভাল।
যেতিয়া আপুনি নিশা শুৱাৰ পূৰ্বে ২ টা লং খাই তেতিয়া পেট চাফ হয় আৰু পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি নহয়।
যদি আপোনাৰ প্ৰায়ে মূৰৰ বিষ হৈ থাকে তেৱ্তে কুহুমীয়া পানীত লং মিহলাই খাব লাগে। এনে কৰিলে মূৰৰ বিষ কম হয়।
ইমিউনিটি বুষ্টাৰৰ বাবেও মানুহে লং খায়। গতিকে প্ৰতিদিনে ২টা লং খাব পাৰে। ইয়াৰ ফলত বহু বেমাৰ কমি থাকে।
মুখৰ গোন্ধ থকা লোকসকলে লং খাব পাৰে। লং খোৱাৰ ফলত মুখৰ বেয়া গোন্ধ নোহোৱা হয়। কিয়নো লং খোৱাৰ ফলত মুখৰ বেক্টেৰিয়াসমূহ মৰি যায়।
পঢ়িবলৈ ক্লিক কৰক