ওজন কমাবৰ বাবে প্ৰটিনযুক্ত খাদ্য অতি প্ৰয়োজনীয়। যিসকল লোকে খাদ্যাভ্যাস পালন নকৰে তেওঁলোকেও খাদ্য তালিকাত প্ৰ’টিন অন্তৰ্ভুক্ত কৰিব লাগে।
প্ৰটিন সমৃদ্ধ খাদ্য হিচাপে কণী আৰু কুকুৰাৰ মাংসৰ চাহিদা বেছি। কিন্তু কোনটো খাদ্যৰ জৰিয়তে শৰীৰত সৰ্বাধিক প্ৰটিন পাব? জানো আহক।
শৰীৰত প্ৰতি কেজিত ০.৮ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন। কণী আৰু কুকুৰা মাংস দুয়োটাই শৰীৰৰ এই প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
কণীৰ কুহুমত সৰ্বাধিক প্ৰটিন থাকে। এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে। কণীত ভিটামিন বি ১২, ভিটামিন ডি, ৰাইবোফ্লেভিন আদি পুষ্টিও থাকে।
কুকুৰাৰ বুকুৰ অংশত সৰ্বাধিক প্ৰটিন থাকে। হাড় নোহোৱা কুকুৰাৰ মাংস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।
১০০ গ্ৰাম কুকুৰাত মাংসত ২৭ গ্ৰাম প্ৰটিন থাকে। কুকুৰাৰ মাংসতো কেলৰি থাকে, কিন্তু কম। বিশেষকৈ ওজন বৃদ্ধি কৰিব বিচৰা সকলৰ বাবে কুকুৰা মাংস উপকাৰী ।
কণীৰ কুহুমত কলেষ্টেৰল থাকে। শৰীৰত থকা প্ৰটিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি কণীৰ কুহুম খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক