এইসকল লোকৰ বাবে বিপদ কঢ়িয়াব পাৰে মগু দাইলে

৬ অক্টোবৰ, ২০২৪

TV9 ASSAM

সাধাৰণতে আমি কেইবা প্ৰকাৰৰো দাইল খাদ্য হিচাপে গ্ৰহণ কৰোঁ। পুষ্টি সমৃদ্ধ এই দাইলসমূহ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।

পুষ্টিকৰ খাদ্য

মগু দাইলো আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ইয়াত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু এই দাইল কিছু লোকৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে।

মগু দাইল

পুষ্টিবিদ মমতা শৰ্মাই জানিবলৈ দিয়া মতে কিছুমান স্বাস্থ্যজনিত অৱস্থাত বেছিকৈ মগু দাইল খাব নালাগে। ইয়াৰ ফলত ক্ষতি হ’ব পাৰে।

বিশেষজ্ঞৰ মত

বৰ্তমান সময়ত ৰক্তচাপ এক উদ্বেগজনক সমস্যা হৈ পৰিছে। নিম্ন ৰক্তচাপৰ সমস্যা থকা লোকসকলে মগু দাইল পৰাপক্ষত খাব নালাগে।

নিম্ন ৰক্তচাপ

মগু দাইলে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে। সেয়ে ইউৰিক এচিডৰ সমস্যা থকা লোকসকলে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে।

ইউৰিক এচিড

মগু দাইলে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰে। সেয়ে ল’ ব্লাড চুগাৰ থকা লোকে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে।

ল’ চুগাৰ

গেছ বা পেটৰ সমস্যাত ভুগিলে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। অন্যথা এনে সমস্যাই অধিক ভাৰাক্ৰান্ত কৰিব পাৰে।

পেটৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক

এইসকল ভাৰতীয় ক্ৰিকেটাৰে নাখায় মাছ-মাংস