এইসকল লোকে খাব নালাগে আম, হ’ব পাৰে দেহৰ ক্ষতি

25 April 2025

TV9 ASSAM

গ্ৰীষ্মকালত ঘৰৰ বাৰী বা বজাৰত উভৈনদী হৈ পৰে আম। ফলৰ ৰজা খ্যাত আমৰ প্ৰতি সাধাৰণতে অধিকাংশ লোকৰে থাকে লোভ।

গ্ৰীষ্মকালত আম

ভিটামিন এ, চি, ফাইবাৰ, পটাছিয়াম আদি মৌল আমত পোৱা যায়। কিন্তু আম খোৱাটো কিছু মানুহৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে।

ক্ষতিকাৰকো

আমত চেনিৰ পৰিমাণ যথেষ্ট বেছি। সেয়ে ডায়েবেটিছত আক্ৰান্ত লোকসকলে বিশেষজ্ঞৰ পৰামৰ্শমতেহে আম খাব লাগে।

ডায়েবেটিছ

আমত কাৰ্বহাইড্ৰেট আৰু চেনিৰ পৰিমাণ অতি বেছি, যাৰ ফলত আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে বেছিকৈ খোৱাৰ পৰা বিৰত থাকক।

ওজন বৃদ্ধি

আমৰ প্ৰকৃতি গৰম। সেয়ে আম অধিক পৰিমাণে খালে পেটৰ সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত ডায়েৰিয়া বা শৌচৰ সমস্যা হ’লে আম নাখাব।

ডায়েৰিয়া

আমত থকা কিছুমান ৰাসায়নিক পদাৰ্থই ছালৰ ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত ছালত ফোহা, খজুৱতি, পিম্পল আদি সমস্যা হ’ব পাৰে।

এলাৰ্জী

পঢ়িবলৈ ক্লিক কৰক 

টুথব্ৰাছত লক্ষ্য কৰেনে এই প্ৰয়োজনীয় দিশ