TV9 ASSAM
Credits: Getty Images
এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ইয়াৰ জৈৱ বৈচিত্ৰ্যতা, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে হাজাৰ পৰ্যটকে ভৰি কৰে ।
অমৰ ফৰ্ট হিন্দু আৰু ৰাজপুত স্থাপত্যৰ কলাত্মক মিশ্ৰণ। ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমূহৰ ভিতৰত অমৰ ফৰ্ট অন্যতম ।
শিলৰ মন্দিৰৰ বাবে বিখ্যাত খাজুৰাহোৱে ভাৰতৰ চহকী মধ্যযুগীয় শিল্পকলা আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰিচয় বহন কৰি আহিছে ।
এই প্ৰাচীন গুহাবোৰত বৌদ্ধ, হিন্দু আৰু জৈন প্ৰভাৱ প্ৰতিফলিত আচৰিত ধৰণৰ মিউৰেল, ভাস্কৰ্য্য আৰু মন্দিৰ আছে। অজন্তাৰ চিত্ৰ আৰু ইলোৰাৰ মহিমামণ্ডিত কৈলাছা মন্দিৰ ভাৰতৰ উল্লেখযোগ্য ঐতিহাসিক সম্পদ।
এই সূৰ্য্য মন্দিৰটো এটা বিশাল ৰথৰ দৰে ডিজাইন কৰা । এই মন্দিৰটো ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমূহৰ ভিতৰত অন্যতম ।
হাম্পি ইউনেস্কোৰ তালিকাভুক্ত এক ইতিহাসিক স্থান, য’ত মহিমামণ্ডিত মন্দিৰৰ ধ্বংসাৱশেষে ভাৰতৰ ঐতিহ্যক প্ৰতিফলিত কৰি আহিছে ।
ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম মহাবলীপুৰম । মহাবলীপুৰম পৌৰাণিক কাহিনী প্ৰতিফলিত ভাস্কৰ্যৰ বাবে বিখ্যাত ।
পঢ়িবলৈ ক্লিক কৰক