ফেটি লিভাৰৰ লক্ষণসমূহ  জানেনে ?

18 April, 2025 

TV9 ASSAM

 আজিকালি ফেটি লিভাৰ বহুতৰে হোৱা দেখা যায়। যেতিয়া যকৃতত অত্যাধিত চৰ্বি জমা হয় তেতিয়া ফেটি লিভাৰ হয়। ইযাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।

ফেটি লিভাৰ

অত্যাধিক সুৰাপান কৰা, বেয়া খাদ্য, মেদবহুলতা, ব্যায়াম নকৰা আদিৰ বাবে ফেটি লিভাৰৰ দৰে সমস্যাই দেখা দিয়ে।

কাৰণ

ফেটি লিভাৰৰ বাবে শৰীৰত বহু লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসমূহ চিনাক্ত কৰিব পাৰিলে সময়ত চিকিৎসাৰ জৰিয়তে ভাল ফল পাব পাৰিব।

লক্ষণ

ফেটি লিভাৰ হোৱা ব্যক্তিয়ে সমগ্ৰ দিনটো ভাগৰুৱা আৰু অধিক দুৰ্বল অনুভৱ কৰে। কোনো কাৰণ নোহোৱাকৈ দুৰ্বল বা ভাগৰুৱা অনুভৱ ফেটি লিভাৰৰ লক্ষণ।

দুৰ্বল আৰু ভাগৰুৱা

যকৃতত অধিক চৰ্বি জমা হোৱাৰ ফলত ভোক নালাগে। লগতে শৰীৰৰ ওজন তীব্ৰগতিত হ্ৰাস পায়। ফেটি লিভাৰৰ ক্ষেত্ৰত এই লক্ষণো অন্যতম।

ভোক নলগা

ফেটি লিভাৰৰ বাবে ছাল আৰু চকুৰ ৰঙত পাৰ্থক্য দেখা যায়। ফেটি লিভাৰ হ'লে ছাল আৰু চকু হালধীয়া হোৱাৰ সম্ভাৱনা থাকে।

ছাল আৰু চকু

ফেটি লিভাৰ হ'লে  পেটৰ ওপৰৰ অংশত বিষ বা হেঁচা অনুভৱ হয়। এই বিষ যকৃতৰ চৰ্বি বৃদ্ধি আৰু ফুলি উঠাৰ বাবে হয়। এনে হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

পেট বিষ

পঢ়িবলৈ ক্লিক কৰক 

চাৰ্ভাইকেল কৰ্কট ৰোগ