ঢেকীয়া শাকৰ পুষ্টি আৰু উপকাৰীতাৰ বিষয়ে জানক  

৬ অক্টোবৰ ২০২৪

 TV9 ASSAM

 সেউজীয়া পাচলি ঢেকীয়া শাকত কেলচিয়াম, কপাৰ, লো আদি থাকে। লগতে পটাছিয়াম, ছডিয়াম , (ইলেক্ট্ৰলাইট) পোৱা যায়। ইয়াৰ উপৰিও ঢেকীয়াত  যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে।

কি কি থাকে?

ঢেকীয়াত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ বাহিৰেও ইয়াত ভিটামিন এ, বি,  বি2, বি3, পোৱা যায়। 

 ভিটামিন

ঢেকীয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰে বিভিন্ন ৰোগৰ সৈতে যুঁজিবলৈ শক্তি পায়। কিয়নো ই ভিটামিন চিৰ এক ভাল উৎস। 

ৰোগ প্ৰতিৰোধ ক্ষমতা 

ঢেকীয়াত ভিটামিন এ পোৱা যায় যি চকুৰ বাবে উপকাৰী। ইয়াৰ ব্যৱহাৰে দৃষ্টিশক্তি ভাল ৰাখে আৰু ফুলা ৰোগ উপশম কৰে।

চকুৰ বাবে উপকাৰী

ঢেকীয়াত পটাছিয়াম পোৱা যায় যি উচ্চ ৰক্তচাপ থকাসকলৰ বাবে উপকাৰী। সেয়েহে ইয়াৰ ব্যৱহাৰে হৃদযন্ত্ৰক লাভান্বিত কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ

ৰক্ত কোষ, হৃদযন্ত্ৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মগজুৰ বাবে ভিটামিন বি কমপ্লেক্স অত্যাৱশ্যকীয়। ঢেকীয়াত বহুতো বি কমপ্লেক্সৰ বিভিন্ন ভিটামিন থাকে যি মস্তিষ্কৰ বাবে উপকাৰী।

মগজুৰ বাবে উপকাৰী

ঢেকীয়া এবিধ যথেষ্ট উপকাৰী  পাচলি , কিন্তু জংঘলত হোৱা সকলো ঢেকীয়া খোৱাৰ বাবে উপযোগী নহয়। অন্যথা লাভালাভৰ পৰিৱৰ্তে ক্ষতি হ'ব পাৰে। 

 মনত ৰাখিব

মা কুষ্মাণ্ডাৰ পূজা

চাবলৈ ক্লিক কৰক