চাহাৰা মৰুভূমিত ‘অলৌকিক’ পৰিস্থিতি, হৈছে বান

১২ অক্টোবৰ, ২০২৪

TV9 ASSAM

বৰষুণৰ ফলত বানপানী হোৱাটো তেনেই এক চিনাকি দৃশ্য। সাধাৰণতে বানপানীৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰে ভৰি পৰে জনসাধাৰণৰ জীৱন।

বানপানী

কিন্তু যেতিয়া মৰুভূমিত এই বান আহে, তেতিয়া এনে ঘটনাক অলৌকিক বুলিয়ে কোৱা হ’ব। মৰুভূমিত বান বাদেই, সাধাৰণতে বৰষুণৰ পৰিমাণো অতি কম।

মৰুভূমিত বান

যোৱা দুদিন ধৰি দি থকা অবিৰত বৰষুণৰ বাবে আফ্ৰিকাৰ চাহাৰা মৰুভূমিতো বানপানীৰ সৃষ্টি হৈছে।

অবিৰত বৰষুণ

বতৰ বিজ্ঞানীসকলৰ মতে, যোৱা ৫০ বছৰত প্ৰথমবাৰৰ বাবে চাহাৰা মৰুভূমিত এনে ধাৰাসাৰ বৰষুণ হৈছে।

৫০ বছৰৰ তথ্য

নাছাৰ উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে অৰ্ধশতিকা ধৰি শুকান হৈ থকা জাগোৰা আৰু টাটাৰ মাজৰ শুকান ইৰিকি হ্ৰদ পুনৰ ভৰি পৰিছে।

ইৰিকি হ্ৰদ

দক্ষিণ-পূব মৰক্কোৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ পিছত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰষুণৰ পৰিমাণ  বাৰ্ষিক গড়তকৈও অধিক।

মৰক্কো

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰাজধানী ৰাবাটৰ পৰা কিছু দূৰত্বত অৱস্থিত টাগুনিটে গাঁৱত ২৪ ঘণ্টাত ১০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়।

২৪ ঘণ্টাত বৰষুণ

ইয়াৰ পূৰ্বে ১৯৭৪ চনতো ৬ বছৰ ধৰি খৰাং পৰিস্থিতিৰ অন্তত চাহাৰাত প্ৰবল বৰষুণ হৈছিল আৰু ইয়াৰ ফলত বানৰ সৃষ্টি হৈছিল।

পূৰ্বে কেতিয়া

পঢ়িবলৈ ক্লিক কৰক

কণীৰ উপকাৰিতা