কোনে প্ৰথমে চিনাক্ত কৰিছিল যশপ্ৰীত বুমৰাহৰ প্ৰতিভা?

29 December 2024

TV9 ASSAM

চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বিধ্বংসী ৰূপত দেখিবলৈ পোৱা যশপ্ৰীত বুমৰাহে এইপৰ্যন্ত এই শৃংখলাত দখল কৰিছে সৰ্বাধিক উইকেট।

অদম্য বুমৰাহ

আজি টেষ্ট ক্ৰিকেটত ২০০টা উইকেট সম্পূৰ্ণ কৰে বুমৰাহে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন গড় হিচাপত তেওঁ ১৯.৩৮ গড়ে এই মাইলষ্ট’ন স্পৰ্শ কৰে।

২০০ টেষ্ট উইকেট

যশপ্ৰীত বুমৰাহক আৱিষ্কাৰ কৰিছিল নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ জন ৰাইটে। তেওঁৰ বাবেই বুমৰাহে দেখিছিল সমুখলৈ অহাৰ পথ।

কাৰ আৱিষ্কাৰ বুমৰাহ

নিউজিলেণ্ডৰ ক্ৰিকেটাৰ জন ৰাইট এসময়ত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক আছিল। ইয়াৰ পিছত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষকো হয়।

জন ৰাইট কোন?

জন ৰাইট যেতিয়া মুম্বাইৰ প্ৰশিক্ষক আছিল তেতিয়া তেওঁ যুৱ প্ৰতিভাৰ সন্ধান চলাইছিল। তেনে সময়তে তেওঁ বুমৰাহক আহমেদাবাদত বলিং কৰা দেখিবলৈ পায়।

বুমৰাহৰ সন্ধান

ইয়াৰ পিছতে জন ৰাইটে পাৰ্থিৱ পেটেলৰ পৰা বুমৰাহৰ বিষয়ে তথ্য লৈছিল। ইয়াৰ পিছত ২০১৩ চনত আই পি এলত প্ৰৱেশ ঘটে বুমৰাহৰ।

IPLত বুমৰাহ

জন ৰাইটৰ দৃষ্টিত ধৰা পৰা এই বুমৰাহকে এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বই সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে স্বীকৃতি দিছে।

শ্ৰেষ্ঠতম বলাৰ

পঢ়িবলৈ ক্লিক কৰক 

মেলবৰ্ণত শতক অৰ্জনৰ বাবে নীতিশে কিমান ধন লাভ কৰিব জানেনে?