জীৱনৰ ৪৬ত জাহিৰ, বিশ্বকাপৰ আছিল অন্যতম নায়ক

৭ অক্টোবৰ, ২০২৪

TV9 ASSAM

স্পীন প্ৰধান ভাৰতীয় ক্ৰিকেটত এসময়ত সুদক্ষ পেচ বলাৰৰ যথেষ্ট অভাৱ দেখা গৈছিল। আশীৰ দশকত কপিল দেৱেই আছিল ভাৰতৰ প্ৰধান পেচ ভৰসা।

ভাৰতীয় পেচ বলিং

ইয়াৰ পিছত লাহে লাহে ভাৰতীয় পেচ আক্ৰমণ শক্তিশালী হ’বলৈ ধৰে। নব্বৈৰ দশকত শ্ৰীনাথ, প্ৰসাদ, আগাৰকাৰৰ দৰে পেচাৰৰ অন্তৰ্ভুতি হয় দলত।

ক্ৰমাৎ উত্থান

২০০০ চনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটে যুৱ পেচাৰ জাহিৰ খানৰ। গতি, চুইং আৰু কৌশলী কলাৰে লাহে লাহে জাহিৰ ভাৰতৰ প্ৰধান অস্ত্ৰ হৈ পৰে।

জাহিৰৰ অভিষেক

এটা দশকতকৈয়ো অধিক সময় ধৰি দলৰ বলিং আক্ৰমণৰ নেতৃত্ব দিয়া জাহিৰ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠতম পেচাৰ হিচাপে বিবেচিত হয়।

জাহিৰৰ কৃতিত্ব

ভাৰতীয় দলৰ হৈ জাহিৰে ৯২খন টেষ্টত ৩১১টা, ২০০খন এদিনীয়াত ২৮২টা আৰু ১৭খন টি-২০ত ১৭টা উইকেট দখল কৰিছে।

কেৰিয়াৰত সাফল্য

২০১১ৰ এদিনীয়া বিশ্বকাপ জয়ৰ অন্যতম নায়ক জাহিৰে ২১টা উইকেট দখেলেৰে প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হয়।

বিশ্বকাপৰ নায়ক

২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা জাহিৰ খানে আজি জীৱনৰ ৪৬তম জন্মদিন পালন কৰিছে।

৪৬তম জন্মদিন

পঢ়িবলৈ ক্লিক কৰক

নোবেল জয়ী কনিষ্ঠ ভাৰতীয়