২৭ জুন, ২০২৪
Tv9 Assam
এন্টিবেক্টৰিয়েল আৰু এন্টিছেপ্টিক গুণ সম্পন্ন নহৰুৰ বহু উপকাৰী গুণ আছে। কেঁচা নহৰুয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে কেন্সাৰৰ দৰে ৰোগক ৰোধ কৰাতো সহায় কৰে।
পুৱাই খালী পেটত বহুতে কেঁচা নহৰু খায়। এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় জানক।
জয়পুৰৰ আযুৰ্বেদিক বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তাই কয় যে নহৰুৰ উপকাৰিতা আমাৰ শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। পিত্তৰ সমস্যা নাথাকিলে খাব পাৰি।
কেঁচা নহৰু ঠাণ্ডাৰ দিনত খোৱাতো বেছি ভাল। গৰমত কেঁচা নহৰু খোৱা শৰীৰৰ বাবে ভাল নহয়।
নহৰু খালে বহু ভাল গুণ পোৱা যায়। ই শৰীৰৰ বিভিন্ন অংগৰ বিষ কমোৱাত সহায় কৰে। অৱশ্যে এছিডিটি থকা মানুহে কেঁচা নহৰু খাব নালাগে।
নহৰু খালে কাহ-চৰ্দিৰ পৰা সকাহ পোৱা যায়। খালী পেটত নহৰু খোৱা শৰীৰৰ বাবে ভাল। ই মুখৰ দুৰ্গন্ধও নোহোৱা কৰে।
কিছুমানে নহৰু মিহি কৰি ছালত লগাই। কিন্তু ই ছালৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ ফলত এলাৰ্জি হোৱাৰ সম্ভাৱণা আছে।
পঢ়িবলৈ ক্লিক কৰক
ভাৰতৰ ৫০% লোক আনফিট