TV9 ASSAM
নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে যোৱা কেইটামান বছৰত BSNL য়ে যথেষ্ঠ চেষ্টা কৰিছে। ইয়াৰ মাজতে BSNLয়ে বহু সস্তীয়া ৰিচাৰ্জ প্লেন গ্ৰাহকলৈ আনিছে।
শেহতীয়াকৈ BSNL য়ে ২৫১ টকাৰ ৰিচাৰ্জ প্লেন মুকলি কৰিছে। এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে লাভ কৰিব বহু সুবিধা।
২৫১ টকাৰ ৰিচাৰ্জ প্লেনত কোম্পানীৰ ফালৰ পৰা প্ৰিপেড ব্যৱহাৰকাৰীসকলক আনলিমিটেড ডাটা প্ৰদান কৰিব।
BSNL ৰ তথ্য অনুসৰি ২৫১ জিবি ডাটা লাভ কৰিব। তাৰ পাছত ডাটাৰ স্পীড লিমিট ৬৪KBPS হৈ যাব। এক কথাত আপুনি ২৫১ টকাত ২৫১ জিবি ডাটা লাভ কৰিব।
BSNL য়ে এই ৰিচাৰ্জ প্লেন কল আৰু মেছেজৰ সুবিধা প্ৰদান কৰা নাই। কেৱল ডাটাহে প্ৰদান কৰিব। কলিং আৰু মেছেজৰ বাবে পৃথককৈ ৰিচাৰ্জ কৰিব লাগিব।
২৫১ টকাৰ এই প্লেন ব্যৱহাৰকাৰীসকলে ৬০ দিনৰ বাবে লাভ কৰিব। দুমাহ ধৰি ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব গ্ৰাহকে।
২৫১ টকা ৰিচাৰ্জ কৰিলে গ্ৰাহকে লাভ কৰিব ২৫১ জিবি ডাটা। অৰ্থাৎ এই প্লেনৰ দ্বাৰা গ্ৰাহকে ১ টকাত ১ জিবি ডাটা লাভ কৰিব।
পঢ়িবলৈ ক্লিক কৰক