TV9 ASSAM
আইপিএলত অভিলেখ গঢ়িবলৈ প্ৰতিজন খেলুৱৈয়ে চেষ্টা কৰে । কিন্তু এটা বিশেষ অভিলেখ আছে, যিটো সকলো ক্ৰিকেটাৰে এৰাই চলিব বিচাৰে ।
আইপিএলত সৰ্বাধিক শূন্য ৰানত আউট হোৱা অভিলেখ আছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেলৰ হাতত ।
আইপিএলত সৰ্বাধিক শূন্যত আউট হৈছে গ্লেন মেক্সৱেল । সৰ্বাধিক ১৯ বাৰ শূন্যত আউট হৈছে ক্ৰিকেটাৰগৰাকী ।
মেক্সৱেলৰ পাছতে সৰ্বাধিক শূন্য় ৰানৰ তালিকাত আছে ৰোহিত শৰ্মা আৰু দীনেশ কাৰ্তিক । ১৮ বাৰকৈ শূন্যত আউট হৈছে এই দুয়োগৰাকী ।
চলিত আইপিএলৰ প্ৰথমখন মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে শূন্যত আউট হয় মেক্সৱেল ।
এইবাৰে মেক্সৱেলক ৪ কোটি ২০ লাখ টকা বিপুল মূল্যত ক্ৰয় কৰিছে পঞ্জাব কিংছে ।
যোৱা আইপিএল ছিজনটো প্ৰদৰ্শন ভাল নাছিল মেক্সৱেলৰ । ১০ খন মেচত মাত্ৰ ৫২ ৰানহে কৰিবলৈ সক্ষম হৈছিল মেক্সৱেলে ।
পঢ়িবলৈ ক্লিক কৰক