শীতকালত উজ্বল ছাল পাবলৈ কৰক এই কাম

29 December, 2024 

TV9 ASSAM

শীতকালত ছাল ভালদৰে ৰখা কিছু কঠিন হৈ পৰে। বহুতে উজ্বল ছালৰ বাবে ডায়েট অনুসৰণ কৰাৰ লগতে বহু প্ৰসাধন সামগ্ৰীও ব্যৱহাৰ কৰে।

উজ্বল ছাল

নিউট্ৰিচিয়নিষ্ট নমামী আগৰৱালে কয় যে, খাদ্যই আমাৰ ছাল উজ্বল কৰাত সহায় কৰে। গতিকে প্ৰতিদিনৰ খাদ্যত কিছুমান বিশেষ বস্তু খাব লাগে।

বিশেষজ্ঞই কি কয়

চি ভিটামিনে কোলেজন নিৰ্মাণ কৰাত সহায় কৰে। গতিকে ডায়েটত চি ভিটামিন থকা ফল-মূল খাব লাগে । প্ৰতিদিনেকমলা, আমলখি আদি খাব লাগে।

ভিটামিন চি

বাদামত ভিটামিন ই থাকে। এই ভিটামিন ছালৰ বাবে অত্যন্ত ভাল। ইয়াত এন্টি অক্সিডেন্টন্স থাকে, যিয়ে ছালক প্ৰদূষণ আৰু ৰ’দৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

বাদাম

ঘিউত ভিটামিন এ, ডি আৰু ই থাকে। গতিকে ঘৰতে প্ৰস্তুত কৰা ঘিউ খালে ছাল উজ্বল হৈ থাকে। ই ছালক  কোমল কৰাতো সহায় কৰে।

ঘিউ

শীতকালত ছাল হাইড্ৰেইন ৰাখিবলৈ পানী খাব লাগে। গতিকে পানী খাই থাকিব লাগে।অৱশ্যে ছালৰ কিবা সমস্যা থাকিলে বিশেষজ্ঞৰ ৰায় গ্ৰহণ কৰিব পাৰে।

পানী

সুন্দৰ, ধুনীয়া ছালৰ বাবে এভাকাডো খাব পাৰে। এই বিধ ফলত পুষ্টিকৰ ফেটচ আৰু ভিটামিন ই থাকে। যিয়ে ছাল উজ্বল আৰু কোমল কৰাত সহায় কৰে।

এভাকাডো

পঢ়িবলৈ ক্লিক কৰক 

ডুবাইত ফ্লেটৰ দাম