মাত্ৰ ১৮ টকাত ১০ গ্ৰাম সোণ ! কিন্তু কেনেকৈ? 

03 Feb 2025

TV9 ASSAM

শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। ইয়াৰ পাছতে সোণ কিছু সস্ত হৈ পৰে।আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ৭,৭৪৪ টাকা।

বাজেট

২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৭,৪৪০ টাকা। লগতে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৪,৪৮০ টাকা। উল্লেখ্য যে, বয়োজ্যেষ্ঠসকলৰ মতে তেওঁলোকৰ দিনত সোণৰ দাম আছিল ৪-৫ হাজাৰ টকা।

দাম

এটা সময় আছিল যেতিয়া মাত্ৰ ১৮ টকাতে সোণ পোৱা গৈছিল। ১৯২৫ চনত সোণৰ দাম আছিল ১৮ টকা। ইয়াৰ ১০০ বছৰ পাছত বৰ্তমান সময়ত সোণৰ দাম প্ৰায় ৮০,০০০ টকা।

দাম

১৯৩৫ চনত দেশত সোণৰ দাম আছিল ৩০ টকা। অৰ্থাৎ ১০ বছৰত ১২ টকা দাম বৃদ্ধি পাইছিল। ১৯৪৫ চনত দাম আছিল ৬২ টকা আৰু ১৯৫৫ চনত আছিল ৭৯ টকা।

পূৰ্বতে

১৯৬৫ চনত সোণৰ দাম আছিল ৭১ টকা, ইয়াৰ ১০ বছৰ পাছত দাম বৃদ্ধি হৈ হৈছিল ৫৪০ টকা।

দাম

১৯৮৫ চনত সোণৰ দাম আছিল ২ হাজাৰ ১৩০ টকা আৰু ১৯৯৫ চনত হৈছিল ৪ হাজাৰ ৬৮০ টকা।  ২০০৫ চনত সোণৰ দাম আছিল ৭ হাজাৰ টকা। ২০১০ চনত আছিল ১৮,০০০ টকা।

বৃদ্ধি

২০২০ চনত সোণৰ দাম আছিল ৪৮,০০০ টকা, ২০২২ চনত আছিল ৫০,০০০ টকা। ইয়াৰ পাছত ২০২৪ চনত ২৪ কেৰেট সোণৰ মূল্য ৭১,০০০ টকা হয়গৈ। আৰু এতিয়া ৮০ হাজাৰ পাৰ কৰিছে।

ক্ৰমান্বয়ে বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক 

পাকঘৰত আছে নেকি এই সামগ্ৰী