খালী পেটত গ্ৰীণ টি খালে কি হয় জানেনে?

04 March 2025

TV9 ASSAM

আজিকালি বহু মানুহে গ্ৰীণ টি খায়। গ্ৰীণ টি বৰ্তমান এক ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। কিয়নো গ্ৰীণ টিত বহু স্বাস্থ্যকৰ উপাদান থাকে যি শৰীৰৰ বাবে বহু উপকাৰী।

গ্ৰীণ টি

গ্ৰীণ টিৰ উপকাৰিতাৰ বাবে কিছুমানে প্ৰতিদিনে এয়া সেৱন কৰে।  গ্ৰীণ টি খালে ওজন কমে বুলিও কোৱা হয়, যাৰ বাবে বহুতে ইয়াক সেৱন কৰে।

প্ৰতিদিনে

কিন্তু খালী পেটত গ্ৰীণ টি খাব নালাগে। নিউট্ৰিশ্যনিষ্ট নমামী আগৰৱালে কয় যে স্বাস্থ্যকৰ বুলি ভৱা গ্ৰীণ টিয়ে কেতিয়াবা অপকাৰো কৰে। যাৰ বাবে ইয়াক খালী পেটত খাব নালাগে।

খালী পেটত

যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে খালী পেটত গ্ৰীণ টি খাব নালাগে। গ্ৰীণ টিত থকা কেফিন এড্ৰোনল গ্ৰন্থী উত্তেজিত কৰে।

উচ্চ ৰক্তচাপ

যদি খালী পেটত প্ৰতিদিনে গ্ৰীণ টি খাই তেন্তে  ইয়াৰ ফলত আপোনাৰ মূৰ ঘূৰোৱা আৰু ভাগৰুৱা অনুভৱ লাগিব পাৰে। যাৰ বাবে খালী পেটত খাব নালাগে।

মূৰ ঘূৰোৱা

গ্ৰীণ টিয়ে শৰীৰত আইৰন ধৰি ৰখাৰ প্ৰাকৃতিক শক্তিটোক দুৰ্বল কৰি তুলিব পাৰে। যাৰ বাবে আইৰনৰ সমস্যা থকা সকলে খালী পেটত গ্ৰীণ টি খাব নালাগে।

আইৰন

গ্ৰীট টিত টেনিন থাকে, যিয়ে পেটত এচিড বৃদ্ধি কৰিব পাৰে। এনেবোৰ কাৰণৰ বাবে পেটত বিষ হ'ব পাৰে। ইয়াৰ ফলত কৌষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে।

পেটৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক

বাস্তু শাস্ত্ৰ টিপচ