2 Nov 2024
TV9 Assam
আতচবাজী, ফটকা, চাকিৰে দেশজুৰি উদযাপিত হ'ল দেৱালী। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত দুদিনীয়াকৈ দীপাৱলী উদযাপন কৰিলে ৰাজ্যবাসীয়ে।
দীপাৱলীৰ পিছত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে দেশৰ কেইবাখনো চহৰত। দিল্লীত অধিক ভয়াৱহ হৈছে পৰিস্থিত।
বিগত কেইদিনমানতকৈ দীপাৱলীৰ সময়ত বৃদ্ধি হৈছে গুৱাহাটীত বায়ু প্ৰদূষণৰ মাত্ৰা। কিন্তু বিগত বৰ্ষৰ দীপাবলীৰ তুলনাত এইবাৰ গুৱাহাটীত হ্ৰাস পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা।
অসম প্ৰদূষণৰ নিয়ন্ত্ৰণ পৰিষদৰ বায়ু তথা শব্দ প্ৰদূষণৰ সমীক্ষা অনুসৰি এইবাৰ দীপাৱলীৰ সময়ত গুৱাহাটীৰ বায়ু মান সূচাংক ১৫৪। দীপাৱলীৰ সময়ত প্ৰদূষণক লৈ এই তথ্য প্ৰদান প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াৰ।
বিগত বৰ্ষত দীপাৱলীৰ সময়ত গুৱাহাটীৰ বায়ুমান সূচাংক(AQI) আছিল ২৩৪
ৰাজ্যৰ প্ৰদূষণৰ সমীক্ষা ভিত্তিত সৰ্বাধিক বায়ু প্ৰদূষিত জিলা নগাঁৱৰ বায়ু মান সূচাংক ১৯০। দ্বিতীয় প্ৰদূষিত জিলা নলবাৰী।
ফটকাৰ পৰিবৰ্তে এইবাৰ পোহৰৰ দীপাৱলী উদযাপন কৰিছে ৰাজ্যবাসীয়ে। পূৰ্বৰ তুলনাত হ্ৰাস হৈছে ফটকা ফুটুৱাৰো সংখ্যা।