TV9 ASSAM
নিম পাত শৰীৰৰ লগতে ছাল আৰু চুলিৰ বাবেও ভাল। নিম পাতত ভিটামিন চি, ভিটামিন ই, অমেগা, ফেটী এচিড আদিৰ লগতে বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্টচ থাকে।
চুলিৰ লগত জড়িত সমস্যা নোহোৱা কৰিবলৈ নিম পাত ব্যৱহাৰ কৰিব পাৰে। ই চুলি সৰাৰ সমস্যা কম কৰাৰ লগতে চুলি মজবুত আৰু ধুনীয়া কৰাত সহায় কৰে।
নিম পাত অলপ ধুই লওক। পাছত এইখিনি অলপ পানীত উতলাই লওক। পানী খিনি সেউজীয়া হোৱাৰ পাছত ইয়াক ঠাণ্ডা হ'বলৈ দি চুলিৰ গুড়িত লগাওক। পাছত চুলি ধুই দিয়ক।
নিমৰ অলপ পাত ধুই লওক। পাছত ইয়াক নাৰিকল তেলৰ সৈতে মিহলাই এটা পেষ্ট বনাওক। এই পেষ্ট ১৫-২০ মিনিট সময় মূৰত লগাই পাছত ধুই দিব লাগে।
নিম আৰু আমলখিৰ পাউডাৰ একেলগে মিহলাই গৰম পানীৰ সৈতে পেষ্ট বনাই লওক। ঠাণ্ডা হোৱাৰ পাছত মূৰত লগাওক। ১৫ মিনিট ৰখাৰ পাছত ভালদৰে চুলি ধুই দিব লাগে।
নিমৰ পাতৰ পেষ্ট আৰু মৌ মিহলাই চুলিত লগাওক। পাছত ভালদৰে চুলিখিনি ধুই দিয়ক। এনে কৰিলে চুলি কোমল আৰু মজবুত হৈ পৰে।
নিম পাত অলপ পানীৰে ধুই চাফা কৰি লওক। পাছত তিলৰ তেলৰ সৈতে উতলাই নিমৰ তেল তৈয়াৰ কৰক। ইয়াৰ মূৰত লগালে চুলিৰ খজুৱতি সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক